নেপিড’, ২৮ নৱেম্বৰ: ম্যানমাৰত এটি বিবাহ অনুষ্ঠানৰ প্ৰস্তুতি চলি থকাৰ সময়তে দেশখনৰ সামৰিক বাহিনীয়ে চলোৱা বিমান আক্ৰমণত কেইবাজনো লোক নিহত হৈছে। সংঘাতপীড়িত অঞ্চলটোত শনিবাৰে সংঘটিত এই ভয়ংকৰ আক্ৰমণত ইতিমধ্যে কমেও ছজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এজন প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি এই ঘটনাত নিহত লোকৰ সংখ্যা ১৭জনলৈকে বৃদ্ধি পাব পাৰে। আক্ৰমণত আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে।
ছান আৰু কেৰেনি ৰাজ্যৰ সীমান্তৱৰ্তী মোয়ে বাই অঞ্চলৰ এখন গাঁৱত এই বিমান আক্ৰমণ সংঘটিত হয়। এই অঞ্চলটোত পূৰ্বৰে পৰা বহুতো আভ্যন্তৰীণভাৱে স্থানচ্যুত লোকে আশ্ৰয় লৈ আছিল। এনে দুজন স্থানচ্যুত লোকৰ বিবাহৰ প্ৰস্তুতি চলি থকা এটা ঘৰতে বোমা বিস্ফোৰণ ঘটে।
এজন প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, প্ৰথমে অঞ্চলটোৰ ওপৰেৰে যুদ্ধবিমান উৰি যোৱাৰ শব্দ শুনা গৈছিল যদিও তাত বোমা বৰ্ষণ হ’ব বুলি কোনেও ভবা নাছিল। কিন্তু কিছু সময়ৰ পিছতে প্ৰচণ্ড শব্দৰে বোমা বিস্ফোৰণ ঘটে। ঘটনাস্থলীত উপস্থিত হৈ তেওঁ ১৭টা মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰাৰ লগতে বহু লোক আহত হৈ থকা দেখা পোৱা বুলি দাবী কৰে। স্থানীয় লোকে প্ৰেৰণ কৰা ছবিত এগৰাকী মহিলা আৰু এটি শিশুকে ধৰি ছটা মৃতদেহ স্পষ্টভাৱে দেখা গৈছে। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়।
২০২১ চনত আং ছান ছ্যু কীৰ নেতৃত্বাধীন নিৰ্বাচিত চৰকাৰখনক সামৰিক অভ্যুত্থানৰ জৰিয়তে ওফৰাই ক্ষমতা দখল কৰাৰ পিছৰে পৰা ম্যানমাৰত ভয়ংকৰ গৃহযুদ্ধ অব্যাহত আছে। সংঘাত নিৰীক্ষণকাৰী সংস্থা ‘একলেড’ৰ তথ্য অনুসৰি, এই সংঘাতত এতিয়ালৈকে সকলো পক্ষ মিলি এক লাখতকৈ অধিক লোকৰ মৃত্যু ঘটিছে।
মোয়ে বাই চহৰখন সামৰিক বাহিনীৰ নিয়ন্ত্ৰণত থাকিলেও ইয়াৰ কাষৰীয়া গাঁও আৰু গ্ৰামাঞ্চলসমূহত বিৰোধী সশস্ত্ৰ শক্তিসমূহ সক্ৰিয় হৈ আছে। এই আক্ৰমণৰ সন্দৰ্ভত সামৰিক বাহিনীৰ কোনো মন্তব্য এতিয়ালৈকে পোৱা হোৱা নাই। ফলত আক্ৰমণৰ সমগ্ৰ ঘটনা আৰু নিহতৰ প্ৰকৃত সংখ্যা এতিয়াও নিশ্চিত কৰিব পৰা হোৱা নাই।