কাইৰো, ২৮ নৱেম্বৰ: ইজিপ্তৰ ৰাজধানী কাইৰোৰ উপকণ্ঠৰ এখন ব্যস্ত ৰাজপথত তেল পৰিবাহী টেংকাৰ বাগৰি পৰাৰ পিছতে সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত কমেও ৩১ জন লোকৰ মৃত্যু হৈছে। এই ভয়াৱহ দুৰ্ঘটনাত আন ২১ জন লোক আহত হয়।

বুধবাৰে কাইৰোৰ চাৰিওফালে থকা ৰিং ৰোডত এই দুৰ্ঘটনা সংঘটিত হয়। ইজিপ্তৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি, তেল পৰিবাহী ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাৰ লগে লগে জুইৰ সূত্ৰপাত ঘটে। গিজা অঞ্চলৰ ৱাৰাক নামৰ জনবসতিপূৰ্ণ এলেকাটোত জুই দ্ৰুতগতিত বিয়পি পৰে আৰু ৰাজপথত থকা অন্যান্য বাহনসমূহকো আৱৰি ধৰে।

এই অগ্নিকাণ্ডৰ ফলত পথত থকা দুকুৰিৰো অধিক বাহন আৰু মটৰচাইকেল জাহ যায়। দুৰ্ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ জ্বলি থকা বাহনসমূহৰ পৰা লোকসকলক উদ্ধাৰৰ চেষ্টা চলায় আৰু জুই নিৰ্বাপণ কৰে।

আহমেদ ছামীৰ নামৰ এজন প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, তেওঁ তেল পৰিবাহী ট্ৰাকখনৰ লগতে কেইবাখনো বাহন জ্বলি থকা প্ৰত্যক্ষ কৰে আৰু জ্বলি যোৱা বাহনৰ পৰা উদ্ধাৰকাৰীয়ে কমেও আঠটা মৃতদেহ উলিয়াই অনা দেখা পায়।

দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল-ছিছিয়ে গভীৰ সমবেদনা জ্ঞাপন কৰিছে। নিহত লোকসকলৰ পৰিচয় নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজহুৱা প্ৰসিকিউটৰ কাৰ্যালয়ে ডি এন এ পৰীক্ষা আৰম্ভ কৰিছে।

দেশখনৰ স্বাস্থ্য মন্ত্ৰী খালেদ আব্দেল গাফ্ফাৰে জনায় যে আহত লোকসকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এই মৃত্যুৰ সংখ্যা প্ৰাথমিকহে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে নিহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰে। দুৰ্ঘটনাস্থলীৰ পৰা ধ্বংসাৱশেষ আঁতৰোৱাৰ পিছত ৰিং ৰোডটো পুনৰ যাতায়াতৰ বাবে মুকলি কৰি দিয়া হয়।