বাৰাণসী, ২৯ নৱেম্বৰ: তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে ভোটবেংকৰ ৰাজনীতি কৰি মানুহক নিজৰ ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ লক্ষ্য লৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে। বাৰাণসীত অনুষ্ঠিত পঞ্চম সংস্কৰণৰ 'কাশী তামিল সংগমম'ৰ সময়ত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।

তিৰুপৰাংকুন্দ্ৰমক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ প্ৰসংগ উত্থাপন কৰি যোশীয়ে কয় যে বিজয়ে কাশী তামিল সংগমমত অংশগ্ৰহণৰ আমন্ত্ৰণ উপেক্ষা কৰিছে। বিজয়ে ধৰ্মীয় তোষণৰ ৰাজনীতি কৰিছে আৰু মানুহক ধৰ্মান্তৰিত কৰাৰ লক্ষ্য লৈছে বুলিও তেওঁ অভিযোগ তোলে। এই মন্তব্য কেৱল খ্ৰীষ্টান বা মুছলমান সম্প্ৰদায়ক লৈ কৰা হৈছে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত যোশীয়ে কয় যে বিষয়টো কোনো এটা নিৰ্দিষ্ট ধৰ্মীয় সম্প্ৰদায়ৰ মাজতে সীমাবদ্ধ নহয়।

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে দাবী কৰে যে তেওঁ নিজে বিজয়ৰ সৈতে কথা পাতি কাশী তামিল সংগমমত অংশ ল'বলৈ আমন্ত্ৰণ জনাইছিল। অনুষ্ঠানটোৰ কোনো ৰাজনৈতিক উদ্দেশ্য নাই বুলিও তেওঁ বিজয়ক জনাইছিল। মন্ত্ৰীগৰাকীৰ ভাষ্য অনুসৰি, বিজয়ে প্ৰথমে বিষয়টো বিবেচনা কৰিব বুলি উত্তৰ দিছিল যদিও কাৰ্যালয়ৰ ফালৰ পৰা কেইবাবাৰো যোগাযোগ কৰাৰ পাছতো তেওঁ অনুষ্ঠানত উপস্থিত নাথাকিল।

ইফালে, পিএম শ্ৰী বিদ্যালয় স্থাপনৰ বিষয়তো তামিলনাডু চৰকাৰক স্পষ্ট বাৰ্তা দিয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে। তেওঁ জনায় যে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি বিচৰাৰ পূৰ্বে তামিলনাডুৱে ৰাজ্যখনত পিএম শ্ৰী বিদ্যালয় স্থাপনৰ বাবে সন্মতি জনাব লাগিব। বিদ্যালয় স্থাপন কৰিলেহে কেন্দ্ৰই পুঁজি আগবঢ়াব, কিন্তু ৰাজ্যই বিদ্যালয় স্থাপন নকৰাৰ সিদ্ধান্ত লৈ একে সময়তে পুঁজি বিচৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি তেওঁ মন্তব্য কৰে।

তামিলনাডু আৰু কাশীৰ মাজৰ সাংস্কৃতিক সম্পৰ্ক, ভাষা, সাহিত্য আৰু ঐতিহ্যৰ আদান-প্ৰদানৰ উদ্দেশ্যে এই কাশী তামিল সংগমম অনুষ্ঠিত কৰা হৈছে।