নতুন দিল্লী, ২৯ নৱেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কৰ বিৰুদ্ধে সংসদত ভোটদান কৰিবলৈ সমাজবাদী পাৰ্টীয়ে দলৰ লোকসভাৰ সাংসদসকলক নিৰ্দেশ দিছে। সংসদৰ আগন্তুক বিশেষ অধিৱেশনত দলৰ সকলো সাংসদৰ উপস্থিতি বাধ্যতামূলক কৰাৰ লগতে বিধেয়কসমূহৰ বিৰোধিতা কৰিবলৈ দলটোৱে তিনিশাৰীৰ হুইপ জাৰি কৰিছে।

২৮ নৱেম্বৰত সমাজবাদী পাৰ্টীৰ মুখ্য হুইপ তথা সাংসদ ধৰ্মেন্দ্ৰ যাদৱে এই নিৰ্দেশনা জাৰি কৰে। নিৰ্দেশ অনুসৰি, ৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ চলিবলগীয়া সংসদৰ বিশেষ অধিৱেশনৰ প্ৰতিটো দিনতে দলৰ প্ৰতিগৰাকী লোকসভা সাংসদ সদনত উপস্থিত থাকিব লাগিব আৰু চৰকাৰে উত্থাপন কৰিবলগীয়া এই বিধেয়কসমূহৰ বিৰুদ্ধে একগোট হৈ ভোটদান কৰিব লাগিব।

বিশেষ অধিৱেশনখনত কেন্দ্ৰীয় চৰকাৰে ১৩২তম সংবিধান সংশোধন বিধেয়ক ২০২৬, দ্বিতীয় সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়ক ২০২৬ আৰু কেন্দ্ৰীয়শাসিত অঞ্চল আইন (দ্বিতীয় সংশোধনী) বিধেয়ক ২০২৬ উত্থাপন কৰাৰ কথা। এই প্ৰস্তাৱিত বিধেয়কসমূহৰ বিৰুদ্ধে সাংসদসকলে ঐক্যবদ্ধ স্থিতি গ্ৰহণ কৰিব লাগিব বুলি দলৰ হুইপত উল্লেখ কৰা হৈছে।

সমাজবাদী পাৰ্টীৰ উপৰি সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ আৰু শৰদ পাৱাৰ নেতৃত্বাধীন জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টীয়েও (এনচিপি-এছপি) নিজৰ সাংসদসকলৰ বাবে তিনিশাৰীৰ হুইপ জাৰি কৰিছে। তৃণমূল কংগ্ৰেছে ৩০ নৱেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈ সাংসদসকলক উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে। একেদৰে এনচিপি-এছপিৰ মুখ্য হুইপ অমল কোলহেও দলৰ সাংসদসকলক বিশেষ অধিৱেশনত উপস্থিত থকাৰ নিৰ্দেশ দিছে।

কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱ অনুসৰি লোকসভাৰ সৰ্বাধিক আসনৰ সংখ্যা ৮৫০খনলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰে ৮১৫খন আসন ৰাজ্যসমূহৰ বাবে আৰু ৩৫খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ বাবে ৰখাৰ প্ৰস্তাৱ দিয়া হৈছে। এই বিধেয়ককেইখনৰ জৰিয়তে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ লগতে মহিলা সংৰক্ষণ ব্যৱস্থাও কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে।

ডিএমকে, ৱাইএছআৰচিপি আৰু এনচিপি-এছপিয়ে সংশোধিত বিধেয়কসমূহক সমৰ্থন জনোৱাৰ ইংগিত দিয়াত এই প্ৰস্তাৱৰ সপক্ষে সাংসদৰ সংখ্যা ৩৫৪গৰাকীলৈ বৃদ্ধি পাইছে। অৱশ্যে দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভৰ বাবে প্ৰয়োজনীয় ৩৬০টা ভোটৰ লক্ষ্য এতিয়াও পূৰণ হোৱা নাই।

বিৰোধী দলসমূহে মহিলা সংৰক্ষণ ব্যৱস্থাক আদৰণি জনাইছে যদিও ইয়াক সমষ্টি পুনৰ্নিৰ্ধাৰণৰ সৈতে জড়িত কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে। বিৰোধীৰ মতে শেহতীয়া লোকপিয়লৰ ভিত্তিতহে সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰা উচিত। আনহাতে কেন্দ্ৰীয় চৰকাৰে অনুসূচিত জাতি আৰু জনজাতিৰ আসন তথা সমষ্টি পুনৰ্নিৰ্ধাৰণৰ বাবে ২০১১ চনৰ লোকপিয়ল ব্যৱহাৰৰ প্ৰস্তাৱ দিছে আৰু ২০৫১ চনলৈ ৰাজ্যসমূহৰ মাজত আসন বিতৰণৰ ভিত্তি হিচাপে ১৯৭১ চনৰ জনসংখ্যাক বাহাল ৰখাৰ কথা উল্লেখ কৰিছে।