নতুন দিল্লী, ২৯ নৱেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কক লৈ 'ইণ্ডিয়া' মিত্ৰজোঁটৰ ভিতৰচৰাত সৃষ্টি হোৱা মতভেদ দূৰ কৰাৰ বাবে তৎপৰ হৈ পৰিছে কংগ্ৰেছ। বিৰোধী ঐক্য অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে দেওবাৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে, ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীকে ধৰি মিত্ৰজোঁটৰ এটা প্ৰতিনিধি দলে চেন্নাই আৰু মুম্বাই ভ্ৰমণ কৰিব। এই প্ৰতিনিধি দলটোৱে চেন্নাইত ডিএমকে সভাপতি এম কে ষ্টেলিন আৰু মুম্বাইত এনচিপি(এছপি)ৰ মুৰব্বী শৰদ পাৱাৰক সাক্ষাৎ কৰাৰ কথা। প্ৰতিনিধি দলটোত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী, কেৰালাৰ মুখ্যমন্ত্ৰী ভি ডি সতীশন আৰু তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীও থাকিব। মুম্বাইৰ বৈঠকত শিৱসেনা (ইউবিটি)ৰ মুৰব্বী উদ্ধৱ থাকৰেও অংশ লোৱাৰ সম্ভাৱনা আছে।
ইয়াৰ পূৰ্বে শনিবাৰে নতুন দিল্লীত মল্লিকাৰ্জুন খৰ্গেৰ বাসগৃহত বিৰোধী মিত্ৰজোঁটৰ সংসদীয় দলৰ নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত খৰ্গেই কয় যে ৩৩ শতাংশ মহিলা সংৰক্ষণ বৰ্তমানৰ লোকসভাৰ আসনৰ মাজতেই কাৰ্যকৰী কৰিব লাগে আৰু ইয়াক আসন সংখ্যা বৃদ্ধিৰ লগত জড়িত কৰা অনুচিত। সেইবাবে কংগ্ৰেছসহ কেইবাটাও বিৰোধী দলে প্ৰস্তাৱিত বিধেয়কসমূহৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত লৈছে।
বিপৰীতভাৱে, ডিএমকে আৰু শৰদ পাৱাৰ নেতৃত্বাধীন এনচিপি(এছপি)-য়ে কেন্দ্ৰৰ বিধেয়কক সমৰ্থন কৰাৰ ইংগিত দিছে। শনিবাৰে চেন্নাইত সাংসদসকলৰ সৈতে বৈঠকৰ পাছত ডিএমকে নেতা এ ৰাজাই জনায় যে তামিলনাডুৰ সংসদীয় প্ৰতিনিধিত্ব সম্পৰ্কে উত্থাপিত দুটা দাবী চৰকাৰে মানি লৈছে। ১৯৭১ চনৰ লোকপিয়লৰ ভিত্তিত ৰাজ্যসমূহৰ মাজত সংসদীয় প্ৰতিনিধিত্বৰ অনুপাত পৰৱৰ্তী ২৫ বছৰলৈ বাহাল ৰখা আৰু তামিলনাডুৰ বৰ্তমানৰ ৭.১৮ শতাংশ আসনৰ অনুপাত হ্ৰাস নকৰাৰ দাবী বিধেয়কত অন্তৰ্ভুক্ত হৈছে। প্ৰস্তাৱ অনুসৰি তামিলনাডুৰ আসন ৩৯ খনৰ পৰা ৫১ খনলৈ বৃদ্ধি পাব।
এনচিপি(এছপি)ৰ নেতা জিতেন্দ্ৰ আওহাদে কয় যে সমগ্ৰ দেশত সমানভাৱে ৫০ শতাংশ আসন বৃদ্ধিৰ প্ৰস্তাৱক তেওঁলোকৰ দলে সমৰ্থন জনোৱাৰ পক্ষপাতী। দলৰ কাৰ্যকৰী সভাপতি সুপ্ৰিয়া সুলেই পূৰ্বে সকলো দিশ পৰীক্ষা কৰিহে চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি জনাইছিল। এনচিপি(এছপি)ৰ স্থিতি মহিলা সংৰক্ষণ, সমহাৰত আসন বৃদ্ধি আৰু সমষ্টি পুনৰ্নিৰ্ধাৰণ আয়োগত বিৰোধীৰ প্ৰতিনিধিত্বৰ সৈতে জড়িত।
কেন্দ্ৰীয় কেবিনেটে শুকুৰবাৰে অনুমোদন জনোৱা এই প্ৰস্তাৱ অনুসৰি ৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া সংসদৰ বিশেষ অধিৱেশনত দুখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ'ব। লোকসভা আৰু বিধানসভাৰ আসন ৫০ শতাংশ বৃদ্ধি, ২০৫১ চনলৈ নতুন অনুপাত বাহাল ৰখা আৰু সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পাছত মহিলা সংৰক্ষণৰ ব্যৱস্থা ইয়াত ৰখা হৈছে। সংবিধান সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ সংসদৰ উভয় সদনত দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা আৰু কমেও আধা সংখ্যক ৰাজ্যৰ বিধানসভাৰ অনুমোদনৰ প্ৰয়োজন হ'ব।