ভূপাল, ৪ নৱেম্বৰ, ২০২৬:
মঞ্চত ভাষণ দি থাকোঁতেই জিভা পিছলিল (Slip of the tongue) মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱৰ। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ সন্মুখতে ‘জে পি নাড্ডা মুৰ্দাবাদ’ বুলি কৈ অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৱশ্যে ভুলটো উপলব্ধি কৰিয়েই তেওঁ লগে লগে শ্ল’গানটো শুধৰাই ‘জে পি নাড্ডা জিন্দাবাদ’ বুলি কয়। এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে চৰ্চা আৰম্ভ হৈছে।
৪ নৱেম্বৰ, বুধবাৰে মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ TT Nagarত বিজেপিৰ উদ্যোগত ‘লোকতন্ত্ৰ বচাও, অৰাজকতা হটাও’ শীৰ্ষক পদযাত্ৰা আৰু ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল। অটল পথৰ পৰা ৰোশনপুৰা চ’কলৈ উলিওৱা পদযাত্ৰাত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, মুখ্যমন্ত্ৰী মোহন যাদৱকে ধৰি বিজেপিৰ কেইবাগৰাকীও নেতা উপস্থিত আছিল।
‘মোদী জিন্দাবাদ’ৰ পাছতে ‘নাড্ডা মুৰ্দাবাদ’!
সভাৰ মঞ্চৰ পৰা দলীয় নেতাসকলৰ সমৰ্থনত শ্ল’গান দি আছিল মুখ্যমন্ত্ৰী মোহন যাদৱে। প্ৰথমে তেওঁ ‘নৰেন্দ্ৰ মোদী জিন্দাবাদ’ বুলি ধ্বনি দিয়ে। তাৰ পাছতে জে পি নাড্ডাৰ নাম উচ্চাৰণ কৰি ভুলবশতঃ ‘মুৰ্দাবাদ’ বুলি কৈ লগে লগে শুধৰালে।