নতুন দিল্লী, ৫ নৱেম্বৰ: কোনো ব্যক্তিক মেজিষ্ট্ৰেটৰ সন্মুখত হাজিৰ কৰাৰ ২৪ ঘণ্টাৰ সময়সীমা আনুষ্ঠানিক গ্ৰেপ্তাৰৰ সময়ৰ পৰা নহয়, আটক কৰাৰ মুহূৰ্তৰ পৰাই আৰম্ভ হয় বুলি সৰ্বোচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে ৰায় দিয়ে।
ন্যায়াধীশ উজ্জ্বল ভূঞাৰ নেতৃত্বাধীন বিচাৰপীঠে ৰায়ত কয় যে, আটক আৰু গ্ৰেপ্তাৰৰ মাজত পাৰ্থক্য থাকিলেও দুয়োটাই ব্যক্তিৰ মৌলিক স্বাধীনতাৰ অধিকাৰ সীমিত কৰে।
ইউএপিএ আৰু পিএমএলএৰ দৰে বিশেষ আইনত জামিনৰ অধিকাৰ কঠোৰভাৱে সীমিত কৰা থাকিলেও মৌলিক অধিকাৰক অগ্ৰাধিকাৰ দিব লাগিব বুলি ন্যায়ালয়ে স্পষ্ট কৰে।
আটকৰ সময় ২৪ ঘণ্টা অতিক্ৰম কৰাৰ পাছতো সংশ্লিষ্ট ব্যক্তিক মেজিষ্ট্ৰেটৰ সন্মুখত হাজিৰ নকৰিলে তেওঁক মুক্তি দিব লাগিব। হাজিৰ কৰাৰ সময়ত ২৪ ঘণ্টাৰ সময়সীমা মানি চলা হৈছিল নে নাই, সেয়া নিশ্চিত কৰিবলৈ মেজিষ্ট্ৰেটে আটক কৰাৰ সঠিক তাৰিখ আৰু সময় লিপিবদ্ধ কৰিব লাগিব।
সংবিধানৰ ২২(২) নং অনুচ্ছেদে আটককাৰী কৰ্তৃপক্ষই আনুষ্ঠানিক গ্ৰেপ্তাৰ কৰাৰ আগতে অনুসন্ধান বা তদন্তত ব্যয় কৰা সময় বাদ দিয়াৰ অনুমতি নিদিয়ে। গ্ৰেপ্তাৰৰ স্থানৰ পৰা মেজিষ্ট্ৰেটৰ আদালতলৈ যাত্ৰাত প্ৰয়োজনীয় সময়হে সংবিধানে ব্যতিক্ৰম হিচাপে স্বীকাৰ কৰিছে বুলি ন্যায়াধীশ ভূঞাই ৰায়ত উল্লেখ কৰে।