শ্বিলং, ২৯ নৱেম্বৰ: মেঘালয়ৰ প্ৰস্তাৱিত শ্বিলং ভিউপইণ্ট ৰোপৱে' প্ৰকল্পক লৈ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে এইবাৰ প্ৰকল্পটোৰ সমৰ্থনত ৰাজপথলৈ ওলাই অহাৰ সিদ্ধান্ত লৈছে একাংশ স্থানীয় বাসিন্দাই। লাবান, লাইটকোৰ আৰু আপাৰ শ্বিলঙৰ বাসিন্দাসকলক প্ৰতিনিধিত্ব কৰা এটা গোটে অহা ৫ ডিচেম্বৰত শ্বিলঙৰ খিন্দাইলাডত এক শান্তিপূৰ্ণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি ঘোষণা কৰিছে।

গোটটোৰ প্ৰতিনিধি ৰূপাৰ্ট লিংডো তালাঙে জনোৱা মতে, তেওঁলোক কোনো সংগঠনৰ অধীনত নথকা স্থানীয় বাসিন্দাৰ এটা স্বতন্ত্ৰ মঞ্চ। ৰাজ্যখনৰ উন্নয়নমূলক কাম-কাজৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ প্ৰতিক্ৰিয়া হিচাপেই তেওঁলোকে ৰোপৱে' প্ৰকল্পটোক ৰাজহুৱাভাৱে সমৰ্থন জনোৱাৰ সিদ্ধান্ত লৈছে।

তালাঙে উল্লেখ কৰে যে এই প্ৰকল্প সম্পূৰ্ণ হ'লে শ্বিলং ভিউপইণ্টলৈ যাতায়াত সুচল হ'ব আৰু পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব। ফলত স্থানীয় ব্যৱসায়-বাণিজ্যৰ প্ৰসাৰ ঘটাৰ লগতে নতুন কৰ্মসংস্থাপন সৃষ্টিৰ সম্ভাৱনা আছে। মেঘালয়ত উদ্যোগৰ পৰিসৰ সীমিত হোৱাৰ বাবে পৰ্যটন খণ্ডই স্থানীয় শিক্ষিত আৰু দক্ষ যুৱক-যুৱতীসকলক হোমষ্টে', হোটেল, অতিথিশালা আদিৰ জৰিয়তে সংস্থাপন দিব পাৰিব বুলি তেওঁ কয়। পূৰ্বে আপত্তিৰ সন্মুখীন হোৱা ৩ মেৰ পথ সম্প্ৰসাৰণৰ উদাহৰণ দাঙি ধৰি তেওঁলোকে কয় যে প্ৰকল্পটো শেষ হোৱাৰ পাছত অঞ্চলটোৰ যান-জঁট বহু পৰিমাণে হ্ৰাস পাইছে।

প্ৰকল্পটোৰ ফলত জলসংগ্ৰহ ক্ষেত্ৰ, জলাশয় আৰু গছ-গছনিৰ ক্ষতি হ'ব পাৰে বুলি একাংশই উত্থাপন কৰা আশংকাৰো উত্তৰ দিয়ে তালাঙে। তেওঁৰ মতে, পৰিৱেশৰ ক্ষতি ৰোধ কৰিবলৈ চৰকাৰে ক্ষতিপূৰণমূলক বনানীকৰণ, মাটিৰ স্থিৰতা ৰক্ষা, ভূমিস্খলন প্ৰতিৰোধ আৰু নিশাৰ ভাগত নিৰ্মাণকাৰ্য বন্ধ ৰখাৰ দৰে ব্যৱস্থা হাতত লৈছে। ইয়াৰ উপৰি স্থানীয় কৃষকসকলে সামগ্ৰী বিক্ৰী কৰা দোকান আৰু বজাৰসমূহৰ বাবে টাৰ্মিনেল ৬ত স্থান দিয়াৰ পৰিকল্পনা কৰা হৈছে।

চৰকাৰে প্ৰকল্পটোৰ বাবে প্ৰয়োজনীয় সকলো অনাপত্তি প্ৰমাণপত্ৰ আৰু ৰিয়াট লাবান ডৰবাৰ শ্বনঙৰ অনুমতি লাভ কৰিছে বুলি তালাঙে দাবী কৰে। অহা ৫ ডিচেম্বৰৰ দুপৰীয়া ১২ বজাৰ পৰা ২ বজালৈ খিন্দাইলাডত প্লেকাৰ্ড লৈ এই শান্তিপূৰ্ণ ধৰ্মঘট অনুষ্ঠিত হ'ব। ইফালে, পৰ্যটন মন্ত্ৰীয়ে ১ ডিচেম্বৰৰ পুৱা ১১ বজাত বিশেষজ্ঞসকলক লগত লৈ প্ৰকল্পস্থলী পৰিদৰ্শন কৰাৰ আশ্বাস দিছে বুলি তালাঙে জানিবলৈ দিয়ে।