ইম্ফল, ২৯ নৱেম্বৰ: তিনি বছৰতকৈও অধিক কাল সাহায্য শিবিৰত আশ্ৰয় লৈ থকাৰ পাছত নিজৰ গাঁৱলৈ নিৰাপদে উভতি যোৱাৰ দাবীত দেওবাৰে মণিপুৰত হাজাৰ হাজাৰ আশ্ৰয়হীন মেইটেই লোক ৰাজপথলৈ ওলাই আহে। কেন্দ্ৰীয় চৰকাৰ আৰু মণিপুৰ চৰকাৰক শীঘ্ৰে নিৰাপদ পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই এই বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়।এপেক্স কমিটী অৱ মেইটেই আইডিপিএছৰ উদ্যোগত কেশমপাটৰ পৰা এই প্ৰতিবাদী সমদল উলিওৱা হয় আৰু থাংমেইবাণ্ডৰ থাউ খেলপথাৰত ইয়াৰ সামৰণি পৰে। সমদলটোত বিভিন্ন বয়সৰ লোকৰ লগতে কণ কণ শিশুৱেও অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে হাতত বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড লৈ দীৰ্ঘদিনীয়া স্থানচ্যুতিৰ অৱসান ঘটাবলৈ চৰকাৰক আহ্বান জনায়।
প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসৰি, তিনি বছৰৰো অধিক সময় ধৰি হাজাৰ হাজাৰ পৰিয়ালে সাহায্য শিবিৰত দিন অতিবাহিত কৰিছে যদিও ঘৰলৈ উভতি যোৱাৰ সন্দৰ্ভত কেন্দ্ৰীয় নাইবা ৰাজ্য চৰকাৰৰ পৰা কোনো স্পষ্ট আশ্বাস লাভ কৰা নাই। চৰকাৰ দুখনে এতিয়ালৈকে তেওঁলোকক নিৰাপদে নিজ গাঁৱলৈ ওভতাই নিয়াৰ কোনো দৃশ্যমান পদক্ষেপ গ্ৰহণ কৰা নাই বুলি তেওঁলোকে কয়।
ইম্ফল পূব জিলাৰ ইকৌ অঞ্চলৰ বাসিন্দা তথা বৰ্তমান ছাৱোমবুং সাহায্য শিবিৰত আশ্ৰয় লৈ থকা লংজাম বসন্ত নামৰ প্ৰতিবাদকাৰী এজনে কয় যে শিবিৰত দীৰ্ঘদিন বাস কৰাৰ ফলত স্থানচ্যুত লোকসকলৰ মানসিক স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিছে। বহু লোক মানসিক উদ্বেগ আৰু হতাশাত ভুগিছে বুলি উল্লেখ কৰি তেওঁ কয় যে আনকি কিছুমান স্থানচ্যুত লোকে শিবিৰত থকা অৱস্থাত আত্মহত্যাৰ পথো বাছি লৈছে।
বসন্তই জনোৱা মতে, সহ্যৰ সীমা পাৰ হৈ যোৱাৰ পাছতেই লোকসকল এনেদৰে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে। সমদলৰ অন্তত অনুষ্ঠিত বৈঠকত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰি সেয়া ভাৰত চৰকাৰ আৰু মণিপুৰ চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে।
এপেক্স কমিটী অৱ মেইটেই আইডিপিএছৰ অধীনত চুৰাচান্দপুৰ মেইটেই ইউনাইটেড কমিটী, মেইটেই কাউন্সিল মোৰে, মেইটেই ভুক্তভোগীৰ সুৰক্ষা সমিতি মোৰে, কাংপোকপি জিলাৰ মেইটেই ইউনিয়ন আৰু কেইবাখনো ক্ষতিগ্ৰস্ত গাঁৱৰ প্ৰতিনিধি সংগঠন আছে। প্ৰতিবাদকাৰীসকলে সংবিধানপ্ৰদত্ত মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ অধিকাৰ সুৰক্ষিত কৰি নিজ নিজ গাঁৱত নিৰাপদ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।