আনিনি, ২৯ নৱেম্বৰঃ অৰুণাচল প্ৰদেশৰ দিবাং উপত্যকা জিলাত খুৰা-মুখৰ ৰোগৰ সংক্ৰমণত চলিত বৰ্ষত ২৬০ৰো অধিক মিথুনৰ মৃত্যু হৈছে। ৰোগৰ সংক্ৰমণ জিলাখনৰ নিম্ন অঞ্চললৈ বিয়পি পৰাৰ আশংকাত পশুধনৰ সুৰক্ষাৰ বাবে ভাৰতীয় কৃষি গৱেষণা পৰিষদ (আইচিএআৰ) আৰু পশুপালন বিভাগে ব্যাপক সজাগতা অভিযান আৰম্ভ কৰিছে। চলিত বৰ্ষৰ জুলাই মাহত জিলাখনত প্ৰথমবাৰৰ বাবে এই ৰোগৰ প্ৰাদুৰ্ভাৱ ধৰা পৰিছিল। বৰ্তমান পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও এটাইলিন আৰু এণ্ডোলিনৰ দৰে নিম্ন অঞ্চললৈ সংক্ৰমণ সম্প্ৰসাৰিত হোৱাৰ খবৰ পোৱা গৈছে। যাৰ বাবে এই অঞ্চলসমূহত নিৰীক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে।
পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অৰুণাচল মিথুন ফাৰ্মাৰ্ছ ফেডাৰেচনৰ (এএমএফএফ) সহযোগত আইচিএআৰে ২৫ৰ পৰা ২৭ নৱেম্বৰলৈ আনিনি, এমুলি আৰু নিউ এণ্ডোলিন গাঁৱত সজাগতা শিবিৰৰ আয়োজন কৰে। এই কাৰ্যসূচীত দিবাং উপত্যকাৰ জিলা পশুপালন, পশু চিকিৎসা আৰু দুগ্ধ উন্নয়ন কাৰ্যালয়ৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰয়ো সহযোগিতা আগবঢ়ায়।
জিলা পশুপালন, পশু চিকিৎসা আৰু দুগ্ধ উন্নয়ন বিষয়া ড০ দাম্মো ৰিবাই জনায় যে জুলাই মাহত প্ৰথম সংক্ৰমণ চিনাক্ত হোৱাৰ পিছত বৰ্তমান অৱস্থা কিছু উন্নত হৈছে যদিও নিম্ন অঞ্চলসমূহলৈ ৰোগ বিয়পাৰ সম্ভাৱনা থকা বাবে নিৰন্তৰ সতৰ্কতাৰ প্ৰয়োজন আছে।
সজাগতা সভাত আইচিএআৰৰ সহকাৰী মুখ্য কাৰিকৰী বিষয়া ড০ গেৰিক বাগ্ৰাই মিথুনসমূহক সময়মতে টিকাকৰণ কৰিবলৈ পশুপালকসকলক আহ্বান জনায়। পশুধনৰ মৃত্যুজনিত আৰ্থিক ক্ষতিৰ পৰা ৰক্ষা পাবলৈ এগ্ৰিকালচাৰ ইনশ্বুৰেন্স কোম্পানী অৱ ইণ্ডিয়া লিমিটেডৰ জৰিয়তে বীমা কৰোৱাৰ পৰামৰ্শ দিয়ে তেওঁ। ইয়াৰ উপৰি উন্নত পৰিচৰ্যাৰ বাবে অৰ্ধ-নিবিড় পদ্ধতিৰে মিথুন পালনত গুৰুত্ব আৰোপ কৰে বিষয়াগৰাকীয়ে।
আইচিএআৰ-নেচনেল ইনষ্টিটিউট অৱ ফুট এণ্ড মাউথ ডিজিজ, ভুৱনেশ্বৰৰ মুখ্য বিজ্ঞানী ড০ ৰাজীৱ ৰঞ্জনে সংক্ৰমিত পশুৰ উপযুক্ত চিকিৎসা, জৈৱ-সুৰক্ষা আৰু টিকাকৰণৰ বিষয়ে পশুপালকসকলক অৱগত কৰে। নাগালেণ্ডস্থিত আইচিএআৰ-নেচনেল ৰিচাৰ্চ চেণ্টাৰ অন মিথুনৰ বিজ্ঞানী ড০ লালজাম্পুইয়াই মিথুনৰ স্বাস্থ্যসেৱা আৰু ঔষধ যোগানৰ ক্ষেত্ৰত আগবঢ়োৱা সাহাৰ্যৰ কথা উল্লেখ কৰে।
বিজ্ঞানীৰ দলটোৱে সংক্ৰমিত অঞ্চলসমূহ পৰিদৰ্শন কৰি পশুৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিভিন্ন নমুনা সংগ্ৰহ কৰিছে। ৰোগৰ পৰা আৰোগ্য লাভ কৰা মিথুনৰ পৰা প্ৰ’বেং নমুনা আৰু আক্ৰান্ত অঞ্চলৰ মাটি, পশুখাদ্য তথা তৰল পদাৰ্থৰ নমুনা সংগ্ৰহ কৰা হয়। ২৭ নৱেম্বৰত দলটোৱে আদালি অঞ্চলত উপস্থিত হৈ আক্ৰান্ত মিথুনসমূহ পৰীক্ষা কৰে। এএমএফএফৰ সভাপতি লিমি এটেই কয় যে ৰোগৰ সংক্ৰমণৰ সময়ত পশুপালকসকলক সকাহ দিয়া আৰু বৈজ্ঞানিক পদ্ধতিৰে মিথুন পালনক প্ৰসাৰিত কৰাই এই পদক্ষেপৰ মূল লক্ষ্য।