শ্বিলং, ২৮ নৱেম্বৰ: মেঘালয়ৰ উত্তৰ শ্বিলং সমষ্টিৰ BJP বিধায়ক ছানবৰ শ্বুল্লাইৰ আগতীয়া জামিন আবেদনৰ ৰায়দানৰ বাবে ৩০ নৱেম্বৰৰ দিনটো ধাৰ্য কৰিছে শ্বিলঙৰ সত্ৰ আদালতে। অন্যায়ভাৱে আৱদ্ধ কৰি ৰখা আৰু ধৰ্ষণৰ অভিযোগ সম্পৰ্কীয় এটা গোচৰত গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা বিচাৰি বিধায়কগৰাকীয়ে আদালতৰ কাষ চাপিছিল। বৃহস্পতিবাৰে ন্যায়াধীশ কেৰ্পা মেইডা লিংডো নংব্ৰিৰ আদালতত এই আবেদনখনৰ শুনানি অনুষ্ঠিত হয়।
নানিকা আৰ মাৰাক নামৰ এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত যোৱা ১৪ নৱেম্বৰত শ্বিলং সদৰ থানাত এক ডায়েৰী এন্ট্ৰি (জি ডি নং ৫/২০২৬) পঞ্জীয়ন কৰা হৈছিল। ইয়াৰ পিছতে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (বিএনএছএছ), ২০২৩-ৰ ৪৮২(১) ধাৰাৰ অধীনত বিধায়ক শ্বুল্লায়ে আগতীয়া জামিন বিচাৰি আবেদন দাখিল কৰে।
ইয়াৰ পূৰ্বে ২০ নৱেম্বৰত আবেদনখনৰ প্ৰথম শুনানি গ্ৰহণ কৰা হৈছিল। সেই সময়ত আদালতে বিধায়কগৰাকীক অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছিল। সেই পৰ্যায়ত গ্ৰেপ্তাৰৰ কোনো যুক্তিসংগত আশংকা প্ৰতিষ্ঠা হোৱা নাই বুলি আদালতে পৰ্যবেক্ষণ আগবঢ়ায়।
২৮ নৱেম্বৰৰ শুনানিত গোচৰৰ তদন্তকাৰী বিষয়াই আদালতত তদন্তৰ স্থিতি প্ৰতিবেদন দাখিল কৰে। আদালতত বিধায়ক শ্বুল্লাইৰ হৈ অধিবক্তা এছ দেই আৰু চৰকাৰী পক্ষৰ হৈ চৰকাৰী অধিবক্তা এছ এছ দাসে যুক্তি প্ৰদৰ্শন কৰে। বিবাদী পক্ষৰ অধিবক্তাই আদালতক জনায় যে শ্বুল্লাই মেঘালয়ৰ স্থায়ী বাসিন্দা আৰু তেওঁ আৰক্ষীৰ তদন্তত সম্পূৰ্ণ সহযোগিতা কৰিবলৈ সাজু। এই অভিযোগসমূহ ভিত্তিহীন আৰু ধন দাবীৰ সৈতেহে জড়িত বুলিও বিবাদী পক্ষই দাবী তোলে।
অৱশ্যে এই সকলো অভিযোগ আৰু বিবাদী পক্ষৰ যুক্তি আইনী প্ৰক্ৰিয়াৰ অধীনত বিচাৰাধীন অৱস্থাত আছে। অহা ৩০ নৱেম্বৰত আদালতে এই আগতীয়া জামিন আবেদনৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰিব।