নতুন দিল্লী, ৫ নৱেম্বৰঃ যন্তৰ-মন্তৰৰ প্ৰতিবাদৰ সৈতে জড়িত গোচৰত দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ কাৰ্যালয়ত হাজিৰ হৈছে কক্ৰ’চ জনতা পাৰ্টি (CJP)-ৰ সহ-আহ্বায়ক সৌৰভ দাস আৰু আশুতোষ ৰংকা। বৃহস্পতিবাৰে পুৱা প্ৰায় ১১ বজাত দিল্লীৰ ৰাজৌৰী গাৰ্ডেনস্থিত অপৰাধ শাখাৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতে আৰক্ষীৰ বিষয়াসকলে দুয়োগৰাকী নেতাক সোধা-পোছা কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, যন্তৰ-মন্তৰত ১৩ অক্টোবৰত সংঘটিত প্ৰতিবাদৰ সৈতে জড়িত দুটা গোচৰৰ তদন্তৰ অংশ হিচাপে তেওঁলোকক তলব কৰা হৈছিল। সেইদিনা প্ৰতিবাদস্থলীত প্ৰৱেশ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ অভিযোগত দুয়োগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। গোচৰ দুটা ক্ৰমে কনট প্লেচ আৰু সংসদ মাৰ্গ আৰক্ষী থানাত পঞ্জীয়ন কৰা হৈছিল। পিছত তদন্তৰ দায়িত্ব দিল্লী আৰক্ষীৰ অপৰাধ শাখাক দিয়া হয়।

উল্লেখযোগ্য যে, ১৩ অক্টোবৰত সৌৰভ দাস, আশুতোষ ৰংকা, অজিংক্য শিণ্ডে আৰু আন ১১গৰাকী লোক যন্তৰ-মন্তৰত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল। ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন প্ৰক্ৰিয়াত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁলোকে প্ৰতিবাদ কৰাৰ লগতে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে শ্লোগান দিছিল।

আৰক্ষীৰ অভিযোগ অনুসৰি, যন্তৰ-মন্তৰক প্ৰতিবাদৰ নিৰ্ধাৰিত স্থান হিচাপে বাতিল কৰা হৈছিল। তেনে অৱস্থাত অনুমতি অবিহনে স্থানটোত প্ৰৱেশ কৰি প্ৰতিবাদকাৰীসকলে নিষেধাজ্ঞা উলংঘা কৰিছিল। আৰক্ষীয়ে তেওঁলোকক আটক কৰে। পিছত সৌৰভ দাস আৰু আশুতোষ ৰংকাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।

প্ৰায় এসপ্তাহ ন্যায়িক জিম্মাত থকাৰ পিছত ২১ অক্টোবৰত তিহাৰ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে দুয়োগৰাকী নেতাই। বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ আদালতৰ নিৰ্দেশত তেওঁলোকে ৫০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ড আৰু সমপৰিমাণৰ জামিনদাৰী বণ্ড দাখিল কৰিছিল। লগতে শান্তি-শৃংখলা বজাই ৰখা আৰু আইন মানি চলাৰ লিখিত প্ৰতিশ্ৰুতিও দিছিল।

লিখিত প্ৰতিশ্ৰুতিত তেওঁলোকে যন্তৰ-মন্তৰক আইন অনুসৰি প্ৰতিবাদৰ স্থান হিচাপে পুনৰ নিৰ্ধাৰণ নকৰালৈকে তাত প্ৰতিবাদৰ আহ্বান নজনোৱাৰ কথা উল্লেখ কৰিছিল। ভৱিষ্যতে কোনো প্ৰতিবাদ সাব্যস্ত কৰিলে সংবিধানৰ পৰিসৰৰ ভিতৰত থাকি কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি দিছিল।

ইয়াৰ পূৰ্বে ২২ অক্টোবৰত অপৰাধ শাখাই দুয়োগৰাকী নেতাক সোধা-পোছাৰ বাবে তলব কৰিছিল। কিন্তু সেইদিনা তেওঁলোক উপস্থিত হোৱা নাছিল আৰু অধিক সময় বিচাৰিছিল। পৰৱৰ্তী সময়ত নতুনকৈ তলব কৰাৰ পিছত বৃহস্পতিবাৰে তেওঁলোক ৰাজৌৰী গাৰ্ডেনৰ কাৰ্যালয়ত উপস্থিত হয়।

এই গোচৰসমূহৰ তদন্ত অব্যাহত আছে। বৃহস্পতিবাৰৰ সোধা-পোছাত আৰক্ষীয়ে কি তথ্য লাভ কৰিছে, সেই বিষয়ে বাতৰি প্ৰকাশৰ সময়লৈকে অধিক সবিশেষ জানিব পৰা হোৱা নাই।