নতুন দিল্লী, ৫ নৱেম্বৰঃ দিল্লীৰ পুৰণি দিল্লীৰ ব্যস্ত চাৱড়ী বজাৰ অঞ্চলত বৃহস্পতিবাৰে পুৱা নিৰ্মীয়মাণ তিনিমহলীয়া এটা অট্টালিকা খহি পৰাৰ ফলত দুজন লোকৰ মৃত্যু হৈছে। এই ঘটনাত এজন আহত লোকক উদ্ধাৰ কৰা হৈছে। আনহাতে, ধ্বংসাৱশেষৰ তলত কেইবাজনো লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে।

পুৱা প্ৰায় ৯.৫০ বজাত চাৱড়ী বজাৰ মেট্ৰ’ ষ্টেচনৰ সমীপৰ গলী চিতাৰাত এই দুৰ্ঘটনা সংঘটিত হয়। অট্টালিকাটো খহি পৰাৰ খবৰ পোৱাৰ পাছতে অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয়। উদ্ধাৰ অভিযানৰ বাবে পানী কঢ়িওৱা বাহন আৰু উদ্ধাৰকাৰী বাহনসহ মুঠ ছখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী নিয়োগ কৰা হৈছে।

ঘটনাস্থলীত জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকি উদ্ধাৰ অভিযান তদাৰক কৰি আছে। ধ্বংসাৱশেষৰ তলত কিমান লোক আৱদ্ধ হৈ আছে, সেই সংখ্যা এতিয়াও নিশ্চিত হোৱা নাই। দুৰ্ঘটনাৰ কাৰণো তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে দীপাৱলীৰ পূৰ্বে চাৱড়ী বজাৰ আৰু চাঁদনী চক অঞ্চলত গ্ৰাহক তথা ব্যৱসায়ীৰ যথেষ্ট ভিৰ হৈছে। এনে ব্যস্ত সময়ত বজাৰ অঞ্চলৰ মাজতে অট্টালিকা খহি পৰাৰ ঘটনাই নিৰাপত্তাক লৈ উদ্বেগ বৃদ্ধি কৰিছে।

উল্লেখ্য যে ইয়াৰ এদিন পূৰ্বে চাঁদনী চকত দিল্লীৰ পৌৰ নিগমৰ ঐতিহাসিক টাউন হলৰ এটা অংশ খহি পৰিছিল। ১৬০ বছৰতকৈও অধিক পুৰণি এই ঐতিহ্যবাহী অট্টালিকাটোৰ অৱস্থা আৰু ৰক্ষণাবেক্ষণক লৈও প্ৰশ্ন উত্থাপন হৈছে।