নতুন দিল্লী, ৫ নৱেম্বৰঃ ভাৰতৰ নিৰ্বাচন আয়োগে ছয়খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বাৰ্ষিক বিশেষ সংক্ষিপ্ত সংশোধন প্ৰক্ৰিয়া ঘোষণা কৰিছে। এই প্ৰক্ৰিয়াৰ জৰিয়তে নতুন আৰু প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলৈ যোগ্য হোৱা ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব।
এই সংশোধন প্ৰক্ৰিয়া অৰুণাচল প্ৰদেশ, চণ্ডীগড়, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ, মিজোৰাম, উৰিষ্যা আৰু ছিকিমত ৰূপায়ণ কৰা হ’ব। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সূচী অনুসৰি, অহা ৩০ নৱেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ পাব। চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ দিন ধাৰ্য কৰা হৈছে ২০২৭ চনৰ ২১ জানুৱাৰী।
২০২৭ চনৰ ১ এপ্ৰিল, ১ জুলাই আৰু ১ অক্টোবৰত ১৮ বছৰ সম্পূৰ্ণ কৰি ভোটদানৰ যোগ্য হ’বলগীয়া লোকসকলেও আগতীয়াকৈ নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিব পাৰিব।
ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ ক্ষেত্ৰতো কেতবোৰ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে। একেটা নাম একাধিকবাৰ অন্তৰ্ভুক্ত হোৱা বা পুনৰাবৃত্তি হোৱা বুলি অভিযোগ উঠিলে নাম কৰ্তনৰ আবেদনসমূহ ক্ষেত্ৰ পৰ্যায়ত পৰীক্ষা কৰিব লাগিব।
এটা ভোটগ্ৰহণ কেন্দ্ৰৰ মুঠ ভোটাৰৰ দুই শতাংশতকৈ অধিক লোকৰ নাম কৰ্তনৰ আবেদন আহিলে সংশ্লিষ্ট নিৰ্বাচক পঞ্জীয়ন বিষয়াই নিজে সেই আবেদনসমূহ পুনৰ পৰীক্ষা কৰিব লাগিব। একেদৰে, কোনো এজন আপত্তিকাৰীয়ে পাঁচটাতকৈ অধিক আপত্তি দাখিল কৰিলেও সেইসমূহৰ ক্ষেত্ৰত বিশেষ পৰীক্ষাৰ ব্যৱস্থা থাকিব।
নিৰ্বাচন আয়োগে স্পষ্ট কৰিছে যে ৬ আৰু ৮ নম্বৰ প্ৰ-পত্ৰত আধাৰ নম্বৰ প্ৰদান কৰাটো বাধ্যতামূলক নহয়, ইচ্ছাধীনহে। আধাৰ তথ্য নিদিয়াৰ অজুহাতত কোনো লোকৰ ভোটাৰ হিচাপে নাম অন্তৰ্ভুক্তিৰ আবেদন নাকচ কৰিব নোৱাৰিব। একেদৰে, বৰ্তমানৰ ভোটাৰ তালিকাৰ পৰা কোনো নামো কেৱল আধাৰ তথ্য নিদিয়াৰ বাবে কৰ্তন কৰিব নোৱাৰিব।
উল্লেখ্য যে, যোৱা ১৫ অক্টোবৰত নিৰ্বাচন আয়োগে আন ১৭খন ৰাজ্যত একে ধৰণৰ সংশোধন প্ৰক্ৰিয়া ঘোষণা কৰিছিল। এইবাৰ সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্য সচিবসকলক প্ৰয়োজনীয় কৰ্মচাৰী আৰু সম্পদৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে আয়োগে।