তালাপঃ তিনিচুকীয়া জিলাৰ তালাপৰ সমীপৱৰ্তী মিছমিকাটা বিনা চাহ বাগিচাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বাগিচাৰ মাজত পানীৰ বাবে খান্দি থোৱা গাঁতত পৰি মৃত্যু হয় এজন ২৬ বছৰীয়া ব্যক্তিৰ। মৃত ব্যক্তিজন মিছমিকাটা গাঁৱৰ ধুন্দু খাড়িয়া বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, বাগিচাৰ মাজত পানীৰ বাবে খান্দি থোৱা গাঁতটোত পৰি আছিল ধুন্দু খাড়িয়া। প্ৰথম অৱস্থাত বাগিচাৰ কোনো লোকেই ঘটনাটোৰ বিষয়ে অৱগত হোৱা নাছিল। বাগিচাত কাম কৰি থকা অৱস্থাত এজন লোকে গাঁতটোত পৰি থকা মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পিছতহে ঘটনাটো পোহৰলৈ আহে।
পিছত স্থানীয় লোকে মৃত ব্যক্তিজনক চিনাক্ত কৰে। ঘটনাৰ খবৰ লাভ কৰি তালাপ আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
ইফালে, ঘটনাটোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ গাখীৰভেটি উপ-শাখাই। সংগঠনটোৱে ঘটনাটোক তীব্ৰ গৰিহণা দিয়াৰ লগতে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে।