কোকৰাঝাৰ, ৫ নৱেম্বৰঃ দীপাৱলী উপলক্ষে অহা ৯ নৱেম্বৰত বিটিচিৰ অধীনৰ পাঁচখন জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদে। এই বন্ধ পৰিষদৰ অধীনস্থ সকলো বিভাগৰ কাৰ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।
বিটিচিৰ সাধাৰণ প্ৰশাসন বিভাগে ৩ নৱেম্বৰত এই সন্দৰ্ভত আনুষ্ঠানিক জাননী জাৰি কৰে। জাননী অনুসৰি কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাত এই বন্ধ পালন কৰা হ’ব।
অৱশ্যে জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত কাৰ্যালয় তথা প্ৰতিষ্ঠানসমূহ এই বন্ধৰ আওতাৰ বাহিৰত থাকিব। পৰীক্ষাৰ দায়িত্বত নিয়োজিত কাৰ্যালয় আৰু প্ৰতিষ্ঠানসমূহেও স্বাভাৱিকভাৱে কাম-কাজ চলাই নিব লাগিব।
বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ অতিৰিক্ত প্ৰধান সচিবে জাৰি কৰা জাননীখনত জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বন্ধৰ বিষয়ে ব্যাপক প্ৰচাৰ চলাবলৈ নিৰ্দেশ দিয়া হৈছে।