সোণাপুৰ, ৫ নৱেম্বৰঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত ন্যায়ৰ দাবীত বৃহস্পতিবাৰে সোণাপুৰস্থিত জুবিন ক্ষেত্ৰত হাজাৰ হাজাৰ লোকৰ উপস্থিতিত বিশাল গণসমাৱেশ অনুষ্ঠিত হয়। জুবিন গাৰ্গ ন্যায় সমিতিৰ উদ্যোগত আৰু ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ আহ্বানত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
গণসমাৱেশত ভাষণ দি অখিল গগৈয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অভিযুক্তসকলৰ জামিনৰ সম্ভাৱনাক লৈ উদ্বেগ প্ৰকাশ কৰে। শুকুৰবাৰে অভিযুক্তসকলে জামিন লাভ কৰিলে ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহ অভিমুখে পদযাত্ৰা কৰিব বুলি তেওঁ সকীয়নি দিয়ে।
গগৈয়ে কয় যে অভিযুক্তসকলক কোনো কাৰণতে জামিন দিব নালাগে। তেওঁ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ প্ৰসংগ উল্লেখ কৰি কয় যে তেওঁলোকে জামিন লাভ কৰিলে ৰাইজে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব।
সমাৱেশত সন্দীপন গাৰ্গ আৰু অমৃতপ্ৰভা মহন্তক পুনৰ কাৰাগাৰলৈ প্ৰেৰণৰ দাবীও উত্থাপন কৰা হয়। অখিল গগৈয়ে দুয়োগৰাকী পুনৰ কাৰাগাৰলৈ যাব লাগিব বুলি মন্তব্য কৰে।
গণসমাৱেশত জ্যেষ্ঠ কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা, বিদ্যুৎ শইকীয়া, জ্ঞানশ্ৰী বৰা, বিকাশ অসম, মাৰ্চেল বৰুৱা আৰু শৰৎ সৌৰভকে ধৰি কেইবাগৰাকীও শিল্পী আৰু যুৱ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। তেওঁলোকেও জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বক্তব্য আগবঢ়ায়।
উল্লেখ্য যে, গণসমাৱেশৰ আৰম্ভণিতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ১৫ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে তেওঁৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়।