ডিব্ৰুগড়, ৫ নৱেম্বৰঃ গুৱাহাটীৰ বিলাস ইন হত্যাকাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈৰ মৃতদেহ চমজি লোৱাক লৈ পৰিয়ালৰ সৈতে প্ৰশাসনৰ জটিলতাৰ সৃষ্টি হৈছে। পৰিয়ালে আজি মৃতদেহটো গতাই দিয়াৰ দাবী জনাইছে। আজি আৰক্ষীয়ে মৃতদেহটো পৰিয়ালক গতাই নিদিলে পৰিয়ালে মৃতদেহ চমজি নলয় বুলি জানিব পৰা গৈছে।
ইফালে, ঘনকান্ত গগৈৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাতো জটিলতাৰ সৃষ্টি হৈছে। বিগত দুদিন ধৰি প্ৰশাসনে তেওঁৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিব পৰা নাই। বৃহস্পতিবাৰে বিয়লি ৪ বজাৰ পাছতো মৰণোত্তৰ পৰীক্ষা সম্পন্ন নোহোৱাত মৃতদেহটো ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গতে ৰখা হৈছে।
উল্লেখ্য, ২৬ অক্টোবৰত গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাত পাঁচগৰাকী লোকৰ মৃত্যু হৈছিল। এই ঘটনাৰ অভিযুক্ত হিচাপে ঘনকান্ত গগৈক গ্ৰেপ্তাৰ কৰা হৈছিল। সাতদিনীয়া আৰক্ষীৰ জিম্মাৰ অন্তত ৩ নৱেম্বৰত তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।
কিন্তু ৪ নৱেম্বৰৰ পুৱতি নিশা শিৱসাগৰলৈ নিয়াৰ পথত আৰক্ষীৰ গুলীত ঘনকান্ত গগৈৰ মৃত্যু হয়। আৰক্ষীৰ ভাষ্য অনুসৰি, ফুলপানীছিগাৰ ওচৰত আৰক্ষীৰ বাহন ৰখোৱাৰ সময়ত তেওঁ পলাই যাবলৈ চেষ্টা কৰাৰ লগতে আৰক্ষীৰ সেৱা পিষ্টল কাঢ়ি নিবলৈ চেষ্টা কৰিছিল। সেই সময়তে আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলীচালনা কৰে বুলি দাবী কৰা হৈছে।
প্ৰথমে ঘনকান্তৰ মৃতদেহ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল। তাত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সুবিধা আৰু বিশেষজ্ঞৰ অভাৱৰ বাবে পিছত মৃতদেহটো ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হয়। মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিগৰাকী চিকিৎসকক লৈ এখন চিকিৎসা সমিতিও গঠন কৰা হৈছিল।