নতুন দিল্লী, ৫ নৱেম্বৰঃ যৌন নিৰ্যাতন আৰু পেছাগত অনুচিত আচৰণৰ অভিযোগ সম্পৰ্কীয় গোচৰত মণিপুৰৰ কংগ্ৰেছ সাংসদ তথা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (জেএনইউ) প্ৰাক্তন অধ্যাপক আংগোমচা বিমল আকোইজামক গ্ৰেপ্তাৰ বা আন কোনো বলপূৰ্বক ব্যৱস্থা গ্ৰহণৰ পূৰ্বে সাত কৰ্মদিনৰ জাননী দিবলৈ দিল্লী আৰক্ষীক নিৰ্দেশ দিছে এখন দিল্লীৰ আদালতে।
৫ নৱেম্বৰত বিশেষ ন্যায়াধীশ দিগ বিনয় সিঙে আকোইজামৰ আগতীয়া জামিনৰ আবেদন নিষ্পত্তি কৰি এই নিৰ্দেশ দিয়ে। আদালতে স্পষ্ট কৰি দিয়ে যে আৰক্ষীয়ে জাননীখন প্ৰত্যক্ষভাৱে লিখিত ৰূপত দিব লাগিব; ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে জাননী প্ৰেৰণ কৰিব নোৱাৰিব।
আদালতত দিল্লী আৰক্ষীয়ে জনাইছিল যে অভিযোগৰ প্ৰকৃতি আৰু তদন্তৰ বৰ্তমানৰ পৰ্যায় বিবেচনা কৰি এই মুহূৰ্তত আকোইজামক গ্ৰেপ্তাৰৰ পৰিকল্পনা নাই। অৱশ্যে পৰিস্থিতিৰ পৰিৱৰ্তন ঘটি গ্ৰেপ্তাৰ বা জিম্মাত লৈ জেৰা কৰাৰ প্ৰয়োজন হ’লে সাত কৰ্মদিনৰ পূৰ্বে জাননী দিব লাগিব বুলি আদালতে নিৰ্দেশ দিয়ে।
আদালতে উল্লেখ কৰে যে আকোইজামৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু পেছাগত অনুচিত আচৰণৰ অভিযোগ উত্থাপন হৈছে। এজাহাৰত উল্লেখ কৰা অপৰাধসমূহৰ কিছুমান জামিনবিহীন হ’লেও সৰ্বোচ্চ শাস্তি তিনি বছৰ কাৰাদণ্ড।
তদন্তকাৰী বিষয়াই আদালতক জনোৱা মতে, অভিযোগকাৰীসকলৰ পৰিচয় আৰু বিৱৰণ জেএনইউ কৰ্তৃপক্ষই আৰক্ষীক প্ৰদান নকৰাৰ বাবে এতিয়ালৈকে কোনো অভিযোগকাৰীৰ জবানবন্দী গ্ৰহণ কৰা হোৱা নাই। আৰক্ষীয়ে সেই তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।
আদালতে আকোইজামৰ পূৰ্বৰ অপৰাধমূলক অভিলেখ নথকা আৰু চমন পোৱাৰ পিছতে তদন্তত সহযোগিতা আগবঢ়োৱাৰ বিষয়টো বিবেচনা কৰে। তেওঁ দিল্লীত উপস্থিত নাথাকিলে জাননী গ্ৰহণ কৰিব পৰাকৈ পৰিয়াল, বাসস্থান বা কাৰ্যালয়ৰ পৰা কমেও দুজন ব্যক্তিৰ নাম আৰক্ষীক দিবলৈও নিৰ্দেশ দিয়া হৈছে। তদন্তত সহযোগিতা অব্যাহত ৰখাৰ চৰ্ততহে এই সুৰক্ষা প্ৰযোজ্য হ’ব।
কি অভিযোগ উত্থাপন হৈছিল?
আদালতৰ নিৰ্দেশ অনুসৰি, চলিত বৰ্ষৰ ১৮ মে’ত ১৬গৰাকী অভিযোগকাৰীয়ে—যাৰ ভিতৰত পুৰুষ আৰু মহিলা উভয়েই আছিল—জেএনইউ কৰ্তৃপক্ষৰ ওচৰত যৌথ অভিযোগ দাখিল কৰিছিল। ইয়াৰ পিছতে কৰ্মস্থলীত মহিলাৰ যৌন নিৰ্যাতন প্ৰতিৰোধ আইন, ২০১৩ অনুসৰি এখন আভ্যন্তৰীণ তদন্ত সমিতি গঠন কৰা হৈছিল।
১৬গৰাকীৰ ভিতৰত ১৫গৰাকী অভিযোগকাৰীয়ে সমিতিৰ সন্মুখত নিজৰ বক্তব্য দিছিল। স্বতন্ত্ৰ সাক্ষী আৰু প্ৰতিৰক্ষা পক্ষৰ সাক্ষীৰো বক্তব্য গ্ৰহণ কৰা হৈছিল। সমিতিয়ে আকোইজামৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ প্ৰমাণিত হোৱা বুলি সিদ্ধান্ত দি কঠোৰ শাস্তিৰ পৰামৰ্শ আগবঢ়াইছিল। তাৰ পিছতে বিশ্ববিদ্যালয়খনে তেওঁৰ সেৱা সমাপ্ত কৰে।
অভিযোগকাৰীসকলৰ দাবী অনুসৰি, আকোইজামে বৈঠক বা সমাৱেশৰ অজুহাতত ছাত্ৰ-ছাত্ৰীক বিশ্ববিদ্যালয়ৰ আৱাসলৈ মাতি নি যৌন নিৰ্যাতনৰ চেষ্টা কৰিছিল। কিছুমান ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীকোঠাত অশালীন আৰু অনুচিত মন্তব্য কৰাৰো অভিযোগ উত্থাপন কৰিছিল।
অক্টোবৰ মাহৰ ১২ তাৰিখে দিল্লী আৰক্ষীয়ে এই সন্দৰ্ভত এজাহাৰ পঞ্জীয়ন কৰিছিল। আনহাতে, আকোইজামে তেওঁৰ চাকৰিৰ পৰা বৰ্খাস্তৰ সিদ্ধান্তক ‘হাৰাশাস্তিমূলক অভিযান’ বুলি অভিহিত কৰি বিশ্ববিদ্যালয়ৰ তদন্ত প্ৰক্ৰিয়াৰ ন্যায্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
ইফালে, ২ নৱেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ে জেএনইউৰ চাকৰিৰ পৰা বৰ্খাস্তৰ সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰিছিল। বৰ্খাস্তৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই আকোইজামে দাখিল কৰা আবেদনৰ ভিত্তিত বিশ্ববিদ্যালয়খনলৈ জাননী জাৰি কৰা হৈছে। গোচৰটো জানুৱাৰী মাহত পুনৰ শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে।
উল্লেখ্য যে, চাকৰিৰ পৰা বৰ্খাস্তৰ বিৰুদ্ধে চলি থকা আদালতৰ প্ৰক্ৰিয়া আৰু দিল্লী আৰক্ষীৰ অপৰাধমূলক তদন্ত পৃথকভাৱে অব্যাহত আছে।