৩ নৱেম্বৰ: ৰাইজৰ সন্মতি অবিহনে ছিয়াং উচ্চ বহুমুখী প্ৰকল্প (Siang Upper Multipurpose Project) সন্দৰ্ভত কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নহ’ব বুলি আশ্বাস দিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। প্ৰকল্পটোক লৈ আপাৰ ছিয়াং জিলাত প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ লগতে ৩৬ ঘণ্টীয়া বন্ধ পালন কৰাৰ সময়তে থলুৱা আদি জনগোষ্ঠীৰ লোকসকললৈ এখন মুকলি পত্ৰ প্ৰেৰণ কৰি এই আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।
প্ৰস্তাৱিত প্ৰকল্পটোৰ বিদ্যুৎ উৎপাদন ক্ষমতা ১১,২০০ মেগাৱাট। প্ৰকল্পটোক লৈ স্থানীয় লোকসকলৰ মাজত ভূমি অধিগ্ৰহণ, ঘৰ-বাৰী হেৰুওৱা আৰু স্থানচ্যুত হোৱাৰ আশংকা বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাইজৰ উদ্বেগ তেওঁ বুজি পাইছে। প্ৰকল্পটোৰ ভৱিষ্যৎ সম্পৰ্কীয় যিকোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত জনসাধাৰণৰ মতামত, স্বচ্ছতা আৰু স্থানীয় লোকৰ সন্মতিক গুৰুত্ব দিয়া হ’ব।
খাণ্ডুৱে স্পষ্ট কৰি দিয়ে যে বৰ্তমান প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ কোনো সিদ্ধান্ত লোৱা হোৱা নাই। এই পৰ্যায়ত কেৱল প্ৰাক্-সম্ভাৱ্যতা প্ৰতিবেদন (Pre-Feasibility Report) প্ৰস্তুতৰ কামহে চলি আছে। ইয়াৰ জৰিয়তে প্ৰকল্পটোৰ পৰিৱেশগত আৰু কাৰিকৰী দিশসমূহ পৰীক্ষা কৰা হ’ব।
প্ৰকল্পটোৰ কৌশলগত গুৰুত্ব ব্যাখ্যা কৰি মুখ্যমন্ত্ৰীয়ে চীনৰ দ্বাৰা ভাৰত-চীন সীমান্তৰ ওচৰত য়াৰলুং ছাংপো নদীৰ ওপৰত নিৰ্মাণ কৰা বৃহৎ বান্ধৰ প্ৰসংগও উল্লেখ কৰে। তেওঁৰ মতে, ছিয়াং নদীৰ প্ৰায় ৬৫ শতাংশ পানীৰ উৎস উজানৰ অঞ্চলত। সেয়েহে উজানৰ পৰা হঠাতে পানীৰ সোঁত বৃদ্ধি পোৱা আৰু শীতকালত পানীৰ নাটনি হোৱাৰ আশংকা থাকে। এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত প্ৰস্তাৱিত প্ৰকল্পটোৱে সহায় কৰিব পাৰে বুলি তেওঁ দাবী কৰে।
ইফালে, প্ৰতিবাদকাৰী আৰু জনগোষ্ঠীয় নেতাসকলক মুকলি আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰীয়ে। অৱশ্যে শেহতীয়াকৈ সংঘটিত অগ্নিসংযোগ আৰু সম্পত্তি ধ্বংসৰ ঘটনাক গৰিহণা দি তেওঁ সকীয়াই দিয়ে যে হিংসাৰ জৰিয়তে কোনো সমস্যাৰ সমাধান সম্ভৱ নহয়। আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ স্পষ্ট কৰে।