আগৰতলা, ৩ নৱেম্বৰঃ
ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৰ সমীপত BSF জোৱানক আক্ৰমণৰ ঘটনাত ৬জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘটনাটোৰ সৈতে জড়িত থকাৰ সন্দেহত আন কেইবাজনো লোকক সোধা-পোছা কৰা হৈছে।
সোমবাৰে ছেপাহিজালা জিলাৰ আশাবাৰী সীমান্ত চকীৰ সমীপত এই ঘটনা সংঘটিত হয়। এজন লোকক চোৰাং ব্যৱসায়ৰ সন্দেহত আটক কৰাৰ পিছতে একাংশ গাঁওবাসীয়ে BSF জোৱানৰ সৈতে সংঘাতত লিপ্ত হয়।
আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, আক্ৰমণত কমেও তিনিজন BSF জোৱান আহত হয়। উত্তেজিত লোকৰ দলটোৱে BSFৰ এখন বাহনো ভাঙি-ছিঙি লণ্ডভণ্ড কৰে। আনকি জোৱানৰ পৰা অস্ত্ৰ কাঢ়ি নিয়াৰো চেষ্টা চলোৱাৰ অভিযোগ উঠিছে।
ঘটনাৰ পিছতে আৰক্ষীয়ে ৬জন লোকক গ্ৰেপ্তাৰ কৰে। আন কেইবাজনকো সোধা-পোছাৰ বাবে কালামচৌৰা আৰক্ষী থানালৈ অনা হয়।
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই ঘটনাটোক তীব্ৰ গৰিহণা দিছে। নিৰাপত্তাৰক্ষীৰ ওপৰত এনে আক্ৰমণ কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি তেওঁ মন্তব্য কৰে।
দোষীসকলৰ বিৰুদ্ধে ক্ষিপ্ৰ আৰু কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।