গুৱাহাটী, ৭ নৱেম্বৰঃ দীপাৱলী উপলক্ষে ৯ নৱেম্বৰ, সোমবাৰে কামৰূপ মহানগৰ জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে অসম চৰকাৰে। এই দিনটোত জিলাখনৰ সকলো ৰাজ্য চৰকাৰৰ কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু বিত্তীয় প্ৰতিষ্ঠান বন্ধ থাকিব।

সাধাৰণ প্ৰশাসন বিভাগে অসমৰ ৰাজ্যপালৰ নিৰ্দেশ অনুসৰি এই বন্ধ ঘোষণা কৰি জাননী জাৰি কৰিছে।

জাননী অনুসৰি, কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত সকলো ৰাজ্য চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠান এই বন্ধৰ আওতাত পৰিব। ইয়াৰ উপৰি Negotiable Instruments Act, 1881-ৰ ২৫নং ধাৰা আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ১৯৫৭ চনৰ ৮ জুনৰ জাননী অনুসৰি বিত্তীয় প্ৰতিষ্ঠানসমূহো বন্ধ থাকিব।

এইবাৰ ৮ নৱেম্বৰ, দেওবাৰে দীপাৱলী উদ্‌যাপন কৰা হ’ব। পোহৰৰ উৎসৱ হিচাপে পৰিচিত দীপাৱলী কাৰ্তিক মাহৰ অমাৱস্যা তিথিত পালন কৰা হয়। পৰম্পৰা অনুসৰি এই দিনটোত লক্ষ্মী আৰু গণেশৰ পূজা কৰা হয়।

উল্লেখ্য যে ৬ নৱেম্বৰত ধনতেৰছৰ সৈতে পাঁচদিনীয়া দীপাৱলীৰ উৎসৱ আৰম্ভ হৈছে।