ডাকাৰ, ৭ নৱেম্বৰ: অসমৰ যোৰহাট জিলাৰ ৰামকৃষ্ণৰ সাঁতোৰবিদ তীৰ্থংক পেগুৱে ছেনেগালত অনুষ্ঠিত ডাকাৰ ২০২৬ যুৱ অলিম্পিকত পুৰুষৰ ২০০ মিটাৰ বাটাৰফ্লাই শাখাত ব্ৰঞ্জৰ পদক জয় কৰিছে। যুৱ অলিম্পিকত পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় পুৰুষ সাঁতোৰবিদ হিচাপে তেওঁ ইতিহাস গঢ়িছে।
১৭ বছৰীয়া পেগুৱে ফাইনেলত ২:০১.২৫ সময় লিপিবদ্ধ কৰি তৃতীয় স্থান লাভ কৰে। ইজিপ্টৰ জেইন আলিয়ে ১:৫৭.৮৮ সময়েৰে সোণৰ পদক লাভ কৰাৰ বিপৰীতে ভিয়েটনামৰ ডুয়ং ভান হোৱাং কুৱিয়ে ২:০০.৩২ সময়েৰে ৰূপৰ পদক জয় কৰে।
পেগুৱে হিটত ২:০৫.৩০ সময়েৰে সামগ্ৰিকভাৱে শীৰ্ষস্থান দখল কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। ইয়াৰ পূৰ্বে পুৰুষৰ ১০০ মিটাৰ বাটাৰফ্লাইত ৫৪.৯৮ ছেকেণ্ড সময়েৰে চতুৰ্থ স্থান লাভ কৰিছিল তেওঁ। পদকৰ পৰা মাত্ৰ ০.২৭ ছেকেণ্ড আঁতৰত আছিল পেগু।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পেগুক অভিনন্দন জনাই এই সাফল্যক অসমৰ বাবে অতিশয় গৌৰৱৰ মুহূৰ্ত বুলি উল্লেখ কৰে। কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াইও পেগুক অভিনন্দন জনাই ভাৰতৰ ক্ৰীড়া সাফল্যত উত্তৰ-পূবৰ অৱদানৰ কথা উল্লেখ কৰে।
পেগুৱে ২০২৫ চনত বাহৰেইনত অনুষ্ঠিত এছিয়ান যুৱ ক্ৰীড়াতো ২০০ মিটাৰ বাটাৰফ্লাইত ৰূপৰ পদক জয় কৰিছিল। পাঁচ বছৰ বয়সতে সাঁতোৰ আৰম্ভ কৰা পেগু জুনিয়ৰ ৰাষ্ট্ৰীয় অভিলেখধাৰীও।
উল্লেখ্য যে, অসমৰ বক্সাৰ শিৱ থাপাই ২০১০ চনত ছিংগাপুৰত অনুষ্ঠিত প্ৰথম যুৱ অলিম্পিকত ৰূপৰ পদক জয় কৰি ৰাজ্যখনৰ প্ৰথম যুৱ অলিম্পিক পদকজয়ী ক্ৰীড়াবিদ হৈছিল।