গোলাঘাট: মাত্ৰ ১৬ বছৰ বয়সতে পিতৃ-মাতৃক হেৰুৱাই দুই ভগ্নীৰ দায়িত্ব মূৰ পাতি ল’বলগীয়া হৈছিল অঞ্জল লিম্বুৱে। মাতৃৰ চিকিৎসাৰ বাবে পৰিয়ালৰ মূৰত আছিল ৩ লাখ টকাৰ ঋণ। কিন্তু কঠিন পৰিস্থিতিৰ ওচৰত হাৰ নমানি কৃষিকেই জীৱিকাৰ পথ হিচাপে বাছি লৈছিল তেওঁ।

আদা আৰু হালধিৰ জৈৱিক খেতিৰে আৰম্ভ কৰা যাত্ৰাত ২০০৫ চনত তেওঁ পৰিয়ালৰ সম্পূৰ্ণ ঋণ পৰিশোধ কৰে। সেই বছৰতে ১৪গৰাকী কৃষকক লৈ গঠন কৰে এটা আত্মসহায়ক গোট। সময়ৰ লগে লগে এই উদ্যোগে বৃহৎ ৰূপ লয়। আজি তেওঁৰ প্ৰতিষ্ঠান Padumpathar Agro Organic Producer Company-ৰ সৈতে জড়িত ১,৫০০ কৃষকে ১,৫০০ হেক্টৰ ভূমিত খেতি কৰি আছে।

আদা, হালধি, জলকীয়া, কাজি নেমু, অমিতা আৰু বিভিন্ন শাক-পাচলি উৎপাদনৰ লগতে কৃষকসকলে জৈৱিক পদ্ধতিৰে খেতি কৰে। প্ৰতিষ্ঠানটোৱে ডুবাইলৈ ২০ মেট্ৰিক টন সতেজ আদা আৰু ছৌদি আৰবলৈ ২০ মেট্ৰিক টন হালধি ৰপ্তানিও কৰিছে।

কৃষিৰ লগতে গাহৰি পালন, মীন পালন, হাঁহ-কুকুৰা পালন আৰু মৌ-পালনৰ জৰিয়তেও কৃষকৰ উপাৰ্জন বৃদ্ধি কৰাৰ প্ৰয়াস কৰিছে অঞ্জলে। তেওঁৰ এই উদ্যোগৰ স্বীকৃতি স্বৰূপে ২০২২ চনত লাভ কৰিছিল Jaivik India Award। এইবাৰ অসম চৰকাৰৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম গৌৰৱ’ৰ বাবেও নিৰ্বাচিত হৈছে তেওঁৰ প্ৰতিষ্ঠান।

এসময়ত পৰিয়ালৰ ঋণ পৰিশোধ কৰিবলৈ সংগ্ৰাম কৰা অঞ্জল লিম্বুৰ এই যাত্ৰাই আজি গোলাঘাটৰ ১,৫০০ কৃষকৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে।