গুৱাহাটী: সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত লখিমপুৰ জিলাৰ ঘিলামৰাৰ বাসিন্দা জুন দাস নামৰ এজন যুৱকক তামিলনাডুৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, তামিলনাডুৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত অৱস্থাত লখিমপুৰ আৰক্ষীৰ এটা দলে দাসক গ্ৰেপ্তাৰ কৰে।
অভিযোগ অনুসৰি, ১৮ অক্টোবৰতে দাসে সামাজিক মাধ্যমত ভাবুকিমূলক ভিডিঅ'টো প্ৰকাশ কৰিছিল। ভিডিঅ'টোৰ তথ্য অনুসৰণ কৰি আৰক্ষীয়ে অভিযুক্তজনৰ তামিলনাডুত থকা অৱস্থানৰ সন্ধান লাভ কৰে।
জুবিন গাৰ্গৰ মৃত্যুক লৈ জনঅসন্তোষ আৰু ন্যায়ৰ দাবী বৃদ্ধি পোৱাৰ মাজতে ভিডিঅ'টো প্ৰকাশ পাইছিল বুলি জানিব পৰা গৈছে। ভিডিঅ'টোত দাসে জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ প্ৰসংগ উত্থাপন কৰাৰ লগতে মুখ্যমন্ত্ৰী আৰু তেওঁৰ সমষ্টিৰ লোকসকলক লক্ষ্য কৰি মন্তব্য কৰিছিল বুলি অভিযোগ।
ইফালে, ভিডিঅ'টো প্ৰচাৰ হোৱাৰ পাছত পংকজ দলে নামৰ এজন লোকে ২৩ অক্টোবৰতে ঘিলামৰাত দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিযুক্তজনক বিচাৰি তদন্ত আৰম্ভ কৰে।
উল্লেখ্য যে, ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনক পৰিস্থিতিত জুবিন গাৰ্গৰ মৃত্যু হৈছিল। তেওঁৰ মৃত্যুৰ সৈতে জড়িত গোচৰত সাতজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।