ভূমি পট্টা, অনুসূচিত জনজাতিৰ মৰ্যাদা আৰু দৈনিক মজুৰি ৫৫১ টকালৈ বৃদ্ধিৰ দাবীত শনিবাৰে অসমৰ বিভিন্ন চাহ বাগিচাত প্ৰতিবাদ সাব্যস্ত কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই।
প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে, নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰে চাহ শ্ৰমিকসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা, দৈনিক ৫৫১ টকা মজুৰি আৰু বাগিচা অঞ্চলত বসবাস কৰা পৰিয়ালসমূহক মাটি পট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু নিৰ্বাচনৰ পিছতো এই প্ৰতিশ্ৰুতিসমূহ পূৰণ হোৱা নাই বুলি তেওঁলোকে কয়।
তিতাবৰৰ ঢলি সমগুৰি চাহ বাগিচাত শ শ শ্ৰমিকে প্লেকাৰ্ড লৈ চৰকাৰবিৰোধী শ্লোগান দিয়ে। আটছাৰ নেতৃত্বত অনুষ্ঠিত এই প্ৰতিবাদত শ্ৰমিকসকলে দাবীসমূহ শীঘ্ৰে পূৰণ কৰাৰ দাবী জনায়।
নুমলীগড়ৰ সমীপৰ মৰঙী অঞ্চলৰ অৰুণোদয় চাহ বাগিচাতো শ শ পুৰুষ-মহিলাই প্ৰতিবাদত অংশ লয়। আটছাৰ মৰঙী উপ-শাখাই আয়োজন কৰা এই কাৰ্যসূচীত ভূমিৰ অধিকাৰ, অনুসূচিত জনজাতিৰ মৰ্যাদা আৰু মজুৰি বৃদ্ধিৰ দাবী উত্থাপন কৰা হয়।
নাজিৰাৰ মেকিপুখুৰি উপ-শাখাই লিগিৰিপুখুৰি চাহ বাগিচাৰ প্ৰাথমিক গোটৰ সহযোগত দু-ঘণ্টীয়া প্ৰতিবাদ সাব্যস্ত কৰে। বাগিচা অঞ্চলত বসবাস কৰা পৰিয়ালসমূহক মাটি পট্টা দিয়াৰ দাবী তোলে চাহ শ্ৰমিকসকলে।
গোলাঘাটত সন্থাৰ বিষয়ববীয়াসকলে এখন চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰে। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ তুলি অসন্তোষ প্ৰকাশ কৰাৰ লগতে চৰকাৰক সতৰ্কবাণী দিয়ে সন্থাই।
চৰাইদেউ জিলাৰ মথুৰাপুৰত সন্থাৰ মথুৰাপুৰ উপ-শাখাই মথুৰাপুৰ চাহ বাগিচাৰ কাৰখানাৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী পালন কৰে। বহু বছৰ ধৰি বাগিচাত বসবাস কৰি অহা পৰিয়ালসমূহক ভূমিৰ অধিকাৰ দিয়াৰ দাবী পুনৰ উত্থাপন কৰা হয়।
শোণিতপুৰ জিলাৰ ৰঙাপাৰা সমষ্টিৰ অন্তৰ্গত ফুলবাৰী চাহ বাগিচাতো বালিপাৰা উপ-শাখাৰ নেতৃত্বত প্ৰতিবাদ হয়। বাগিচাৰ কাৰখানাৰ সন্মুখত শ্ৰমিকে অসম চৰকাৰবিৰোধী শ্লোগান দি মাটি পট্টা, অনুসূচিত জনজাতিৰ মৰ্যাদা আৰু মজুৰি বৃদ্ধিৰ দাবী জনায়। দাবীসমূহ পূৰণ নকৰিলে আগন্তুক দিনত আন্দোলন তীব্ৰতৰ কৰাৰ হুঁশিয়াৰি দিয়ে সন্থাৰ নেতাসকলে।