গুৱাহাটী, ৮ নৱেম্বৰ: এসময়ত বন্যপ্ৰকৃতিত বিলুপ্ত বুলি ঘোষণা কৰা ক’লা কোমল খোলৰ কাছৰ ২৪০টা পোৱালি বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনৰ এক সংৰক্ষিত জলাশয়ত মুকলি কৰি দিয়া হৈছে।
স্থানীয়ভাৱে বৰমুৰীয়া কাছো নামেৰে পৰিচিত এই প্ৰজাতিটোৰ বৈজ্ঞানিক নাম নিলছ’নিয়া নিগ্ৰিকানছ। প্ৰজাতিটো এতিয়াও অতি সংকটাপন্ন তালিকাত আছে। অৱশ্যে, ২০০০ৰ দশকৰ আৰম্ভণিতে বন্যপ্ৰকৃতিত বিলুপ্ত বুলি বিবেচিত হোৱাৰ পাছত ধাৰাবাহিক সংৰক্ষণ প্ৰচেষ্টাই ব্ৰহ্মপুত্ৰ-কাজিৰঙা অঞ্চলত ইয়াৰ এক স্থিতিশীল জনসংখ্যা গঢ়ি তোলাত সহায় কৰিছে।
ৱাইল্ডলাইফ ছাৰভাইভেল এলায়েন্স ফাউণ্ডেশ্যন ইণ্ডিয়া, বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল, কাজিৰঙা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু অসম বন বিভাগে যৌথভাৱে পোৱালিবোৰ মুকলি কৰাৰ কাৰ্যসূচী আয়োজন কৰে। ই ‘অসমত ক’লা কোমল খোলৰ কাছ সংৰক্ষণ আৰু পুনৰুদ্ধাৰ’ শীৰ্ষক দশবছৰীয়া পদক্ষেপৰ অংশ।
নাগশংকৰ মন্দিৰৰ পুখুৰী এই কাৰ্যসূচীৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ। মাৰ্চ আৰু এপ্ৰিলৰ প্ৰজনন ঋতুত মন্দিৰ চৌহদৰ পুখুৰীৰ পৰা কণী সংগ্ৰহ কৰি নিয়ন্ত্ৰিত পৰিৱেশত কৃত্ৰিম উমনিৰ বাবে বিশ্বনাথ ঘাটলৈ নিয়া হয়। ইয়াৰ ফলত বিশেষকৈ নেউলৰ দৰে শিকাৰীৰ পৰা কণীবোৰ সুৰক্ষিত থাকে আৰু পোৱালি ওলোৱাৰ হাৰ বৃদ্ধি পায়।
জুলাই আৰু আগষ্টত পোৱালি ওলোৱাৰ পাছত সিহঁতক এটা প্ৰতিপালন কেন্দ্ৰলৈ স্থানান্তৰ কৰা হয়। তাত প্ৰায় তিনি মাহ ধৰি সৰু সতেজ মাছ খুৱাই ওজন বৃদ্ধি কৰাৰ পাছত সিহঁতক প্ৰাকৃতিক বাসস্থানত এৰি দিয়া হয়। ২০২১ চনৰ পৰা সংস্থাটোৱে বন্যপ্ৰকৃতিত ১,০০০ৰো অধিক পোৱালি মুকলি কৰিছে।
অনুষ্ঠানত নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকা, বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ বিভাগীয় বন বিষয়া, ৰেঞ্জ বিষয়া, নাগশংকৰ মন্দিৰ সমিতিৰ সম্পাদক ৰাজীৱ বৰুৱা, ৱাছাফিৰ উত্তৰ-পূব প্ৰকল্প সমন্বয়ক উপমন্যু চক্ৰৱৰ্তী, আদিত্য দে আৰু কৃষ্ণ দাস উপস্থিত থাকে। স্থানীয় মহিলা গোট ‘কাছো সখী’য়ে তৈয়াৰ কৰা কাছৰ আৰ্হিযুক্ত হাতেবোৱা গামোছাৰে অতিথিসকলক সম্বৰ্ধনা জনোৱা হয়।