ডবকা: হোজাই জিলাৰ উত্তৰ ডবকা পথাৰ প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন আঁচনিত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে। বিদ্যালয়খনৰ ২০৬ গৰাকী শিক্ষাৰ্থীৰ নামত আবণ্টিত খাদ্য সামগ্ৰী যোগান আৰু বিতৰণক লৈ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মঃ গিয়াছ উদ্দিনৰ বিৰুদ্ধে এই অভিযোগ তুলিছে বিদ্যালয়খনৰ ৰান্ধনীসকলৰ লগতে স্থানীয় সচেতন ৰাইজে।

অভিযোগ অনুসৰি, প্ৰধান শিক্ষকগৰাকীয়ে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা বিদ্যালয়খনত মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হৈ আহিছে। আনকি বুধবাৰ আৰু বৃহস্পতিবাৰে শিক্ষাৰ্থীসকলক মধ্যাহ্ন ভোজন যোগান ধৰা হোৱা নাই বুলিও ৰান্ধনীসকলে অভিযোগ কৰিছে।

প্ৰধান শিক্ষকগৰাকীয়ে যোগদান কৰাৰ পিছৰে পৰা কোনো শনিবাৰেই শিক্ষাৰ্থীসকলক দুপৰীয়াৰ আহাৰ দিয়া হোৱা নাই বুলিও অভিযোগ উঠিছে। ২০৬ গৰাকী শিক্ষাৰ্থীৰ বাবে ৰন্ধনৰ প্ৰয়োজনীয় খাদ্য সামগ্ৰী পৰ্যাপ্ত পৰিমাণে যোগান নধৰাৰ অভিযোগ কৰিছে ৰান্ধনীসকলে। মাত্ৰ দুই-তিনিটা নহৰু, চাৰি-পাঁচটা পিয়াঁজ আৰু ১০০ গ্ৰাম ৰিফাইন তেল যোগান ধৰা হয় বুলি অভিযোগ উঠিছে। নিম্নমানৰ তেল-মছলাৰ লগতে আন প্ৰয়োজনীয় খাদ্য সামগ্ৰীও পৰ্যাপ্ত পৰিমাণে দিয়া নহয় বুলি অভিযোগ কৰা হৈছে।

চৰকাৰী নিৰ্দেশনা অনুসৰি, মধ্যাহ্ন ভোজনৰ নিৰ্ধাৰিত খাদ্য তালিকাত সপ্তাহৰ প্ৰতিটো কৰ্মদিনৰ বাবে সুকীয়া খাদ্যৰ ব্যৱস্থা আছে। বুধবাৰে ভাত, দাইল, শাক-পাচলিৰ লগতে কণী যোগান ধৰাৰ নিয়ম থকাৰ বিপৰীতে শনিবাৰেও ভাত, স্থানীয় ব্যঞ্জন, দাইল আৰু শাক-পাচলি দিয়াৰ ব্যৱস্থা আছে। কিন্তু বিদ্যালয়খনত এই নিৰ্দেশনা কিমান দূৰ পালন কৰা হৈছে, সেয়া এতিয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে।

মধ্যাহ্ন ভোজনৰ উপৰি বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশক লৈও অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজৰ অভিযোগ, প্ৰধান শিক্ষকগৰাকীয়ে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা নিয়মীয়া পাঠদানত অৱহেলা কৰাৰ লগতে প্ৰতিদিনে প্ৰায় ১১-১২ বজাত বিদ্যালয় ছুটী দিয়ে।

মধ্যাহ্ন ভোজনৰ অনিয়মৰ বিৰুদ্ধে মাত মাতিলে ৰান্ধনীসকলক গালি-গালাজ, দুৰ্ব্যৱহাৰ আৰু চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ভাবুকি দিয়াৰ অভিযোগো উঠিছে। বিদ্যালয় পৰিচালনা সমিতি গঠনৰ ক্ষেত্ৰতো স্থানীয় ৰাইজে আপত্তি প্ৰকাশ কৰিছে। ৰাইজে গঠন কৰা সমিতিখন অনুমোদন নকৰি প্ৰধান শিক্ষকগৰাকীয়ে নিজৰ পছন্দৰ সদস্যৰে আন এখন সমিতি গঠনৰ চেষ্টা চলাইছে বুলি অভিযোগ কৰা হৈছে।

এই সন্দৰ্ভত যোৱা ২১ অক্টোবৰত স্থানীয় সচেতন ৰাইজে হোজাইৰ জিলা আয়ুক্তৰ ওচৰত লিখিত অভিযোগ দাখিল কৰে। ২৩ অক্টোবৰত বিদ্যালয়খনৰ ৰান্ধনীসকলেও জিলা পিছপৰা শ্ৰেণীৰ সমন্বয়কৰ ওচৰত পৃথকভাৱে অভিযোগ দাখিল কৰে।

বিদ্যালয়খনত আকস্মিক পৰিদৰ্শন কৰি শিক্ষাৰ্থী, অভিভাৱক আৰু ৰান্ধনীসকলৰ বক্তব্য গ্ৰহণ কৰাৰ লগতে বিগত কেইবামাহৰ খাদ্য সামগ্ৰীৰ আবণ্টন আৰু ব্যৱহাৰৰ হিচাপ নিৰীক্ষণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। হোজাইৰ জিলা আয়ুক্ত আৰু শিক্ষা বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষই শীঘ্ৰে নিৰপেক্ষ তদন্ত কৰি অভিযোগৰ সত্যতা নিৰূপণ কৰাৰ লগতে দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক বুলিও তেওঁলোকে দাবী জনায়।