তামুলপুৰ: ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শনিবাৰে বড়োলেণ্ড টেৰিট'ৰিয়েল অঞ্চলৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত খেল মহাৰণ ৩.০ৰ গ্ৰাম পৰিষদ উন্নয়ন সমিতি চমুকৈ ভিচিডিচি পৰ্যায়ৰ প্ৰতিযোগিতা উদ্বোধন কৰে।
ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে আয়োজন কৰা এই প্ৰতিযোগিতাৰ জৰিয়তে গ্ৰাম্য আৰু দুৰ্গম অঞ্চলসমূহৰ ক্ৰীড়া প্ৰতিভা চিনাক্ত কৰাৰ লগতে যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰাত গুৰুত্ব দিয়া হৈছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত আৰম্ভ হোৱা এই পদক্ষেপৰ লক্ষ্য হৈছে তৃণমূল পৰ্যায়ত ক্ৰীড়া সংস্কৃতি শক্তিশালী কৰা আৰু উদীয়মান খেলুৱৈসকলক নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ দিয়া।
উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, তামুলপুৰৰ বিধায়ক ভিক্টৰ কুমাৰ দাসকে ধৰি আন বিশিষ্ট ব্যক্তি আৰু অংশগ্ৰহণকাৰীসকল উপস্থিত থাকে।