ধেমাজি, ৯ নৱেম্বৰ: ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে সদৌ দিহিঙীয়া বংশাৱলীৰ ধেমাজি জিলা অধিৱেশন অনুষ্ঠিত হয়।

পুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচীৰে অধিৱেশনৰ শুভাৰম্ভ হয়। ইয়াৰ পিছতে অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে মাহমৰা সমষ্টিৰ বিধায়ক তথা দিহিঙীয়া বংশাৱলীৰ কেন্দ্ৰীয় সভাপতি সুৰুয দিহিঙীয়াই।

অধিৱেশনত বিভিন্ন প্ৰান্তৰ পৰা অহা দিহিঙীয়া বংশৰ লোকসকলে অংশগ্ৰহণ কৰে। মুকলি সভাত দিহিঙীয়া বংশৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানৰ আন এক উল্লেখযোগ্য কাৰ্যসূচী আছিল দিহিঙীয়া বংশাৱলীৰ স্মৃতিগ্ৰন্থ ‘চাও ফা লান চং’ৰ উন্মোচন। বংশাৱলীৰ ইতিহাস, পৰম্পৰা আৰু ঐতিহ্যক স্মৰণ কৰি অনুষ্ঠিত এই অধিৱেশনত বিভিন্ন প্ৰান্তৰ বংশধৰসকলৰ অংশগ্ৰহণে বিশেষ গুৰুত্ব লাভ কৰে।