নতুন দিল্লী, ৯ নৱেম্বৰ: ভাৰতীয় সেনালৈ সামগ্ৰী যোগান ধৰাৰ নামত গুৱাহাটীৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ১১,৫০,৫৬,১৮০ টকা প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাটোৰ সৈতে জড়িত থকাৰ অভিযোগত পশ্চিমবংগৰ শিলিগুৰিৰ পৰা ৩০ বছৰীয়া হৰ্ষ আগৰৱালক গ্ৰেপ্তাৰ কৰিছে গুৱাহাটীৰ পানবজাৰ আৰক্ষীয়ে।
আৰক্ষীৰ মতে, আন্তঃৰাজ্যিক অভিযান চলাই অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হয়। প্ৰৱঞ্চনাৰ সৈতে জড়িত বিভিন্ন বেংক একাউণ্টত থকা ২ কোটি টকাৰো অধিক ধন ইতিমধ্যে স্থগিত ৰখা হৈছে।
তদন্ত অনুসৰি, গুৱাহাটীৰ গ্ল'বেল ট্ৰেডাৰ্ছ নামৰ প্ৰতিষ্ঠানটোৰ সৈতে পূৰ্বৰে পৰা থকা ব্যৱসায়িক সম্পৰ্কৰ সুযোগ লৈ অভিযুক্তসকলে প্ৰতিষ্ঠানটোৰ বিশ্বাস অৰ্জন কৰিছিল। পাছত ভাৰতীয় সেনাৰ সামগ্ৰী যোগানৰ ভুৱা নিৰ্দেশ, সেনা বিষয়াৰ ছদ্মপৰিচয় আৰু জাল বিত্তীয় নথি-পত্ৰ ব্যৱহাৰ কৰি প্ৰৱঞ্চনাৰ জাল পতা বুলি আৰক্ষীয়ে অভিযোগ কৰিছে।
তদন্তকাৰীৰ ভাষ্য অনুসৰি, হৰ্ষ আগৰৱালে তেওঁৰ ভাতৃ আয়ুষ আগৰৱালক সেনাৰ যোগান চুক্তিৰ সৈতে জড়িত দূৰ-সম্পৰ্কীয় আত্মীয় হিচাপে অভিযোগকাৰী প্ৰতিষ্ঠানটোৰ সৈতে চিনাকি কৰাই দিছিল। ইয়াৰ জৰিয়তে প্ৰতিষ্ঠানটোৰ বিশ্বাস অৰ্জন কৰি প্ৰৱঞ্চনামূলক লেনদেন সম্পন্ন কৰা হৈছিল বুলি আৰক্ষীয়ে জনায়।
পানবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শংকৰজ্যোতি নাথৰ নেতৃত্বত চলোৱা অভিযানত অভিযুক্তজনৰ অৱস্থিতি চিনাক্ত কৰা হয়। তাৰ পাছতে শিলিগুৰিৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
ঘটনা সন্দৰ্ভত পানবজাৰ আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতা আৰু তথ্য-প্ৰযুক্তি আইনৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছে। প্ৰৱঞ্চনাৰে হস্তগত কৰা ধনৰ সন্ধান উলিওৱা, আন জড়িত লোকসকলক চিনাক্ত কৰা আৰু বাকী অভিযুক্তসকলক গ্ৰেপ্তাৰৰ বাবে তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে জনাইছে।