কোকৰাঝাৰ, ৯ নৱেম্বৰ: কোকৰাঝাৰ জিলাৰ হালোৱাদলৰ তাৰাং ঝিজিৰি খেলপথাৰত আয়োজিত তিনিদিনীয়া বড়ো হাৰিমু ছান'ৰ সফল সামৰণি ঘটিছে। বড়ো কলা-সংস্কৃতিৰ ৰাষ্ট্ৰীয় উৎসৱ হিচাপে আয়োজিত অনুষ্ঠানটো সংগীত নাটক একাডেমী বঁটাপ্ৰাপক ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰীৰ শততম জন্মজয়ন্তী উপলক্ষে অনুষ্ঠিত হয়।
বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ উদ্যোগত সংগীত নাটক একাডেমী, নতুন দিল্লী, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু বড়ো হাৰিমু ছান' তথা দুলাৰায় বড়ো হাৰিমু আফাদৰ সহযোগত উৎসৱখন আয়োজন কৰা হয়।
উৎসৱৰ মুকলি সভাত অসমৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিমল বৰা, বিশ্বজিৎ দৈমাৰী আৰু চৰণ বড়োৰ লগতে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী উপস্থিত থাকে।
বিধায়ক ৰূপম চন্দ্ৰ ৰায়, শিউলী মহিলাৰী, কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰায়, দেৰহাসাৎ বসুমতাৰী, প্ৰকাশ বসুমতাৰীৰ লগতে বিভিন্ন ৰাজনৈতিক নেতাও মুকলি সভাত উপস্থিত থাকে।
৭, ৮ আৰু ৯ নৱেম্বৰত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় উৎসৱৰ জৰিয়তে বড়ো জনগোষ্ঠীৰ সমৃদ্ধ কলা-সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্যক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ লগতে ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰীৰ অৱদান স্মৰণ কৰা হয়।