শ্যামা কালী পূজাৰ লগে লগে ৰাজ্যজুৰি দুদিনীয়াকৈ আলোকৰ উৎসৱ দীপাৱলী আৰম্ভ হৈছে। আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ সৈতে পোহৰৰ এই উৎসৱ উদযাপনৰ বাবে ব্যস্ত হৈ পৰিছে ৰাইজ।
ঘৰ-বাৰী আৰু চৌহদত মাটিৰ চাকি জ্বলাই, ৰঙীন আলোকসজ্জা কৰি আৰু ৰংগোলী অংকন কৰি উৎসৱ উদযাপনৰ আয়োজন কৰিছে ৰাইজে। মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰধান বজাৰত বৈদ্যুতিক চাকি আৰু আলোকসজ্জাৰ সামগ্ৰী উপলব্ধ হৈছে।
নিত্যপ্ৰয়োজনীয় সামগ্ৰী আৰু ইন্ধনৰ মূল্যবৃদ্ধিৰ মাজতো দীপাৱলীক কেন্দ্ৰ কৰি মহানগৰীৰ বজাৰত ভিৰ দেখা গৈছে। পৰম্পৰাগত সামগ্ৰীৰ লগতে ঘৰ সজোৱাৰ বাবে বিভিন্ন ৰঙীন বৈদ্যুতিক সামগ্ৰী ক্ৰয় কৰিছে গ্ৰাহকে।
ধুবুৰীৰ আশাৰকান্দিৰ মৃৎশিল্পীৰ মাটিৰ চাকি মহানগৰীৰ বজাৰত উপলব্ধ হৈছে। এই চাকিৰ মূল্য প্ৰতি ডজনত ২০ টকাৰ পৰা ৫০ টকালৈকে। আনহাতে, বৃহৎ চাকি আৰু মাটিৰে নিৰ্মিত লেম্প ১০০ টকাৰ পৰা ৮০০ টকাৰ ভিতৰত বিক্ৰী হৈছে।
দীপাৱলীৰ বাবে দাক্ষিণাত্যৰ শিৱকাশী আৰু অসমৰ বৰপেটাৰ আতচবাজীয়েও গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিছে। বজাৰত বৰপেটীয়া আতচবাজী ন্যূনতম ২০০ টকাৰ পৰা ৬ হাজাৰ টকালৈকে উপলব্ধ হৈছে।
ব্যৱসায়ীসকলৰ মতে, আগৰ তুলনাত বজাৰ তেনেই ভাল নহ’লেও তেওঁলোকৰ লোকচান হোৱা নাই। বহু গ্ৰাহকে আতচবাজীৰ সলনি মাটিৰ চাকি আৰু সেউজ ফটকাক অগ্ৰাধিকাৰ দিছে বুলিও তেওঁলোকে জনাইছে। বৰপেটাৰ শতিকা পুৰণি আতচবাজী উদ্যোগেও দীপাৱলীৰ প্ৰাকমুহূৰ্তত বিভিন্ন প্ৰকাৰৰ আতচবাজী প্ৰস্তুতৰ কাম সম্পূৰ্ণ কৰিছে।