হাওৰাঘাট: কাৰ্বি আংলঙৰ ৰজাপথাৰ মাহগুৰি তিৱা গাঁওখনৰ যুৱ সংঘৰ উদ্যোগত এক আকৰ্ষণীয় তিৱা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।

উক্ত সাংস্কৃতিক অনুষ্ঠানত বিভিন্ন তিৱা নৃত্য প্ৰতিযোগিতা আৰু শৈক্ষিক প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব।

উল্লেখযোগ্য যে, গাঁওখনত পূৰ্বপুৰুষৰ দিনৰ পৰা চলি অহা তিৱা পৰম্পৰাগত পূজা প্ৰতি বছৰে কাতি মাহৰ কোনো এটা দেওবাৰে গাঁওবাসীয়ে পালন কৰে।

এই পূজাৰ অংশ হিচাপেই উদ্যোক্তাসকলে তিৱা নৃত্য প্ৰদৰ্শনৰ আয়োজন কৰিছে।