নগাঁও: নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, পুনেৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক তথা ডেপুটি চেয়াৰ ড° অংগশুমান নাগে শিক্ষাৰ্থীসকলৰ সৈতে এক বিশেষ মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে।

বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক বিজ্ঞান শিক্ষা আৰু গৱেষণাৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে অনুষ্ঠানটোৰ আয়োজন কৰা হয়।

আলোচনাচক্ৰত বিজ্ঞানীগৰাকীয়ে নিজৰ শৈক্ষিক আৰু গৱেষণামূলক জীৱনৰ বহু গুৰুত্বপূৰ্ণ দিশ শিক্ষাৰ্থীসকলৰ সন্মুখত তুলি ধৰে। তেখেতে উচ্চশিক্ষা, বিজ্ঞান-গৱেষণাৰ বিভিন্ন দিশ আৰু ভৱিষ্যতৰ কেৰিয়াৰ গঢ়াৰ সম্ভাৱনা সন্দৰ্ভত শিক্ষাৰ্থীসকলক বিশদভাৱে দিহা-পৰামৰ্শ আগবঢ়ায়।

অধ্যয়নৰ পৰিকল্পনা, গৱেষণাৰ ক্ষেত্ৰত প্ৰৱেশৰ বাবে প্ৰস্তুতি, আই আই টিত নামভৰ্তিৰ বাবে প্ৰস্তুতি আৰু এইমছৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানত অধ্যয়নৰ সুযোগ লাভৰ পদক্ষেপ সম্পৰ্কেও তেখেতে আলোচনা কৰে। বিজ্ঞানৰ প্ৰতি অনুসন্ধিৎসু মনোভাৱ, একাগ্ৰতা, অধ্যৱসায় আৰু সঠিক লক্ষ্য নিৰ্ধাৰণৰ গুৰুত্বৰ কথাও তেখেতে উল্লেখ কৰে।

ড° নাগে ২০০৩ চনত আই আই টি গুৱাহাটীৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী আৰু ২০০৯ চনত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বাংগালুৰুৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত তেখেতে বাংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো বিশ্ববিদ্যালয়ত প'ষ্ট-ডক্টৰেট গৱেষণা সম্পন্ন কৰে।

২০১২ চনত ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, পুনেত ৰামানুজন ফেল' হিচাপে নিজা গৱেষণা গোট আৰম্ভ কৰা বিজ্ঞানীগৰাকীৰ বৰ্তমান গৱেষণাৰ মূল ক্ষেত্ৰ হৈছে পেৰ'ভস্কাইট অৰ্ধপৰিবাহী আৰু কোৱাণ্টাম ডটছৰ আলোক-ইলেক্ট্ৰনিক ধৰ্মৰ অধ্যয়ন।