তেজপুৰ: ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই যুটীয়াভাৱে পৰিচালনা কৰা বিখ্যাত ‘সেনোলা ৰেকৰ্ড’ৰ প্ৰথমখন নাটক ‘জয়মতী’ৰ কেইবাখনো দুৰ্লভ গ্ৰামোফোন ৰেকৰ্ড আজিও সযতনে সংৰক্ষণ কৰি ৰাখিছে তেজপুৰৰ শিল্পী প্ৰাঞ্জল বৰুৱাই।

বৰুৱাই মাতৃৰ সূত্ৰে এই কালজয়ী সম্পদসমূহ লাভ কৰিছিল। তেওঁৰ ককাক ব্ৰিটিছ শাসনকালত বিহালীৰ এজন সাংস্কৃতিক মনৰ মৌজাদাৰ বেণুধৰ দত্ত আছিল।

বৰুৱাৰ সংগ্ৰহত ‘জয়মতী’ৰ উপৰি ‘পাপৰি কবি’ গণেশ চন্দ্ৰ গগৈ প্ৰযোজিত নাটক ‘লাচিত’ৰ গ্ৰামোফোন ৰেকৰ্ডো আছে।

ইয়াৰ লগতে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ ‘মনোমতী’ উপন্যাসৰ আধাৰত নাট্যকাৰ তথা অভিনেতা ব্ৰজনাথ শৰ্মাই ৰচনা আৰু প্ৰযোজনা কৰা নাটক ‘মনোমতী’ৰ ৰেকৰ্ডো তেওঁ সযতনে সংৰক্ষণ কৰি ৰাখিছে।

আনহাতে, ১৯৩৭ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই তেজপুৰত স্থাপন কৰা ৰাজ্যৰ প্ৰথম চিত্ৰগৃহ ‘জোনাকী’ সংৰক্ষণৰ অভাৱত ধ্বংসস্তূপত পৰিণত হৈছে। প্ৰথম অসমীয়া ছবি ‘জয়মতী’ মুক্তিৰ পাছত প্ৰেক্ষাগৃহৰ অভাৱ দূৰ কৰাৰ উদ্দেশ্যে চিত্ৰগৃহটো স্থাপন কৰা হৈছিল।

এফালে ‘জোনাকী’ চিত্ৰগৃহ ধ্বংসৰ মুখলৈ যোৱাৰ সময়তে আনফালে বৰুৱা পৰিয়ালে বছৰ বছৰ ধৰি এই ঐতিহাসিক নাট্য-সম্পদসমূহ সুৰক্ষিত কৰি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ বিশেষ বৰঙণি আগবঢ়াইছে।