চুৰাট, ৮ নৱেম্বৰ, ২০২৬:

দীপাৱলীৰ বোনাছ হিচাপে কৰ্মচাৰীক মিঠাই, উপহাৰ বা অতিৰিক্ত দৰমহা দিয়াটো বহু প্ৰতিষ্ঠানৰ পৰম্পৰা। কিন্তু গুজৰাটৰ চুৰাটৰ এগৰাকী বস্ত্ৰ ব্যৱসায়ীয়ে নিজৰ কৰ্মচাৰীসকলক আগবঢ়োৱা উপহাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ব্যৱসায়ীগৰাকীয়ে নিজৰ প্ৰতিষ্ঠানত কৰ্মৰত ২০গৰাকী কৰ্মচাৰীক প্ৰতিগৰাকীক এক লাখ টকাতকৈ অধিক নগদ ধন দীপাৱলীৰ উপহাৰ হিচাপে প্ৰদান কৰিছে। নোটৰ বাণ্ডিলেৰে সজোৱা পূজাৰ থালিত এই ধন আগবঢ়োৱাৰ দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছতে চৰ্চালৈ আহিছে ঘটনাটো।

চুৰাটৰ মটা বৰাছা অঞ্চলৰ মহাদেৱ ক্লথ চেণ্টাৰৰ স্বত্বাধিকাৰী ৰামস্বৰূপ মুণ্ডেই এই বিশেষ উপহাৰ আগবঢ়াইছে। তেওঁৰ প্ৰতিষ্ঠানত কৰ্মৰত ২০গৰাকী মহিলা কৰ্মচাৰীক দীপাৱলীৰ বোনাছ হিচাপে প্ৰতিগৰাকীক এক লাখ টকাতকৈ অধিক ধন দিয়া হৈছে।

এই উপহাৰৰ মুঠ পৰিমাণ ২০ লাখ টকাতকৈ অধিক বুলি প্ৰকাশ পাইছে। সাধাৰণতে উৎসৱৰ সময়ত মিঠাইৰ টোপোলা বা সৰু উপহাৰ আগবঢ়োৱাৰ বিপৰীতে ব্যৱসায়ীগৰাকীৰ এই পদক্ষেপে কৰ্মচাৰীসকলক আচৰিত কৰি তোলে।

এই উপহাৰ প্ৰদানৰ পদ্ধতিটোৱেও বিশেষ চৰ্চা লাভ কৰিছে। সাধাৰণ খামত ধন দিয়াৰ পৰিৱৰ্তে ৰূপালী ৰঙৰ সজোৱা পূজাৰ থালিত ১০, ২০, ৫০, ১০০, ২০০ আৰু ৫০০ টকীয়া নোটৰ বাণ্ডিল সুন্দৰকৈ সজাই ৰখা হৈছিল।

এগৰাকী এগৰাকীকৈ কৰ্মচাৰীক এই থালিসমূহ আগবঢ়োৱা হয়। নোটৰ বাণ্ডিল দেখি প্ৰথমে হতচকিত হৈ পৰে কৰ্মচাৰীসকল। পাছত উপহাৰ লাভ কৰি একাংশ কৰ্মচাৰী আৱেগিক হৈ চকুলো টুকিছে।

ব্যৱসায়ী ৰামস্বৰূপ মুণ্ডেই কয় যে তেওঁ নিজৰ কৰ্মচাৰীসকলক কেৱল প্ৰতিষ্ঠানত কাম কৰা লোক হিচাপে নাভাবে। তেওঁলোক তেওঁৰ পৰিয়ালৰ সদস্যৰ দৰেই।