গুৱাহাটী: ভুৱা ইনপুট টেক্স ক্ৰেডিট লোৱাৰ সন্দেহত মা কামাখ্যা কোক ইণ্ডাষ্ট্ৰিজত জিএছটি ইণ্টেলিজেন্স এণ্ড এনফৰ্চমেণ্ট ইউনিট, অসমে চলোৱা তালাচী অভিযান দেওবাৰে চতুৰ্থ দিনত প্ৰৱেশ কৰিছে।
প্ৰতিষ্ঠানখনৰ তিনিজন স্বত্বাধিকাৰীৰ ভিতৰত দুজনে বাৰে বাৰে জাননী দিয়াৰ পাছতো তদন্তত সহযোগ নকৰাৰ অভিযোগ উঠিছে। এনে স্থিতি অব্যাহত থাকিলে অনিল কুমাৰ আগৰৱাল আৰু বিমল কুমাৰ আগৰৱালক গ্ৰেপ্তাৰ কৰা হ'ব পাৰে বুলি তদন্তকাৰীয়ে ইংগিত দিছে।
বেলতলা তিনিআলিৰ পৰা কয়লা ব্যৱসায় আৰু কোক উৎপাদনৰ কাম চলোৱা প্ৰতিষ্ঠানখনৰ আমিনগাঁৱত এটা উৎপাদন গোট আছে। ভুৱা কৰদাতাৰ জৰিয়তে কেইবা কোটি টকাৰ ইনপুট টেক্স ক্ৰেডিট লোৱাৰ সন্দেহত তদন্ত চলিছে।
প্ৰাথমিক তদন্তৰ পাছত ৫ নৱেম্বৰ, বৃহস্পতিবাৰে অভিযান আৰম্ভ হৈছিল। প্ৰথম দিনাই দলটোৱে কেইবাখনো নথি আৰু ইলেক্ট্ৰনিক সঁজুলি জব্দ কৰি সেইবোৰৰ পৰীক্ষণ আৰম্ভ কৰে। অনিল কুমাৰ আগৰৱাল, বিমল কুমাৰ আগৰৱাল আৰু নৱীন কুমাৰ গুপ্তাক তদন্তত উপস্থিত হ'বলৈ তলব কৰা হৈছিল।
তালাচীৰ সময়ত তদন্তকাৰীয়ে ১০টাতকৈ অধিক জিএছটি পঞ্জীয়ন নম্বৰ লাভ কৰিছে। নৱীন সিংঘাল নামেৰেও পৰিচিত নৱীন কুমাৰ গুপ্তাই তদন্তত সহযোগ কৰিছে যদিও বাকী দুজন স্বত্বাধিকাৰীয়ে সহযোগ কৰা নাই বুলি অভিযোগ।
তদন্তৰ পৰিসৰ বৃদ্ধি পোৱাত জিএছটি ইণ্টেলিজেন্স দলে এনফৰ্চমেণ্ট ডাইৰেক্টৰেট আৰু ডাইৰেক্টৰেট জেনেৰেল অৱ জিএছটি ইণ্টেলিজেন্সৰ সহায় বিচাৰিব পাৰে। ইফালে নৱীন সিংঘালৰ মালিকানাধীন মহালক্ষ্মী কণ্টিনেণ্টেলতো জিএছটিৰ অভিযান চলি আছে।