ওমান:অনূৰ্ধ্ব-১৯ এছিয়া কাপ ২০২৬ৰ ভাৰত-পাকিস্তানৰ মেচত ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰিলে পাকিস্তানে। ৬১ ৰানতে ৫টা উইকেট হেৰুৱাই বিপদত পৰা পাকিস্তানক উদ্ধাৰ কৰিলে হামজা জহুৰৰ দুৰ্দান্ত শতকে। শেষত ভাৰতে বান্ধি দিয়া ২০৯ ৰানৰ লক্ষ্য অতিক্ৰম কৰি ৩ উইকেটত জয়লাভ কৰে পাকিস্তানে।
প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে ৪৬.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২০৮ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ অৰ্জুন ৰাজপুতে সৰ্বাধিক ১০৭ ৰানৰ দুৰ্দান্ত ইনিংছ খেলে। মাত্ৰ ৮৫টা বলত তেওঁ ১১টা চাৰি আৰু ৫টা ছয় কোবায়। অৱশ্যে আন বেটাৰসকলৰ পৰা পৰ্যাপ্ত সহযোগিতা নোপোৱাত ভাৰতৰ ইনিংছ ২০৮ ৰানতে সামৰণি পৰে।
২০৯ ৰানৰ লক্ষ্য লৈ খেলপথাৰত নমা পাকিস্তানৰ আৰম্ভণিও আছিল বিপৰ্যয়পূৰ্ণ। দলটোৱে মাত্ৰ ৬১ ৰানতে ৫টা উইকেট হেৰুৱাই শলঠেকত পৰে। এনে পৰিস্থিতিত হামজা জহুৰ আৰু হাছনাইন আব্বাছ ডাৰে ষষ্ঠ উইকেটৰ বাবে ১০৭ ৰানৰ গুৰুত্বপূৰ্ণ যুটি বান্ধে। হাছনাইনে ৩৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে হামজাই ১০৮টা বলত অপৰাজিত ১০০ ৰান কৰে।
হামজাৰ এই দুৰ্দান্ত ইনিংছৰ সহায়ত পাকিস্তানে ৪৮.১ অভাৰত ৭টা উইকেট হেৰুৱাই ২০৯ ৰানৰ লক্ষ্যত উপনীত হয়। ফলত ১১টা বল বাকী থকা অৱস্থাত ৩ উইকেটত জয় সাব্যস্ত কৰে দলটোৱে।
এই জয়ৰ জৰিয়তে পাকিস্তানে প্ৰতিযোগিতাৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে। আনহাতে, পৰাজয়ৰ পাছতো ভাৰতৰ ছেমিফাইনেলত প্ৰৱেশৰ আশা অক্ষুণ্ণ আছে। মেচখনত দুৰ্দান্ত শতক অৰ্জন কৰা হামজা জহুৰক শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়।