গুৱাহাটী, ৯ নৱেম্বৰ: অৰুণাচল প্ৰদেশত প্ৰস্তাৱিত চিয়াং উচ্চ বহুমুখী প্ৰকল্পৰ নামনি অঞ্চলত হ'ব পৰা প্ৰভাৱক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৰাজ্য কংগ্ৰেছৰ সভাপতি তথা লোকসভাত কংগ্ৰেছ দলৰ উপ-নেতা গৌৰৱ গগৈয়ে। এই সন্দৰ্ভত তেওঁ কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।
পত্ৰখনত গগৈয়ে উল্লেখ কৰে যে, চিয়াং নদী ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ এক অবিচ্ছেদ্য অংশ। ই অসমৰ কৃষি অৰ্থনীতি, নদীভিত্তিক পৰিৱেশতন্ত্ৰ আৰু বহু লোকৰ জীৱিকাক সহায় কৰি আহিছে। নদীখনৰ প্ৰবাহ ব্যৱস্থাত যিকোনো বৃহৎ হস্তক্ষেপৰ ফলত বানৰ আশংকা, জল সুৰক্ষা আৰু নামনিৰ জনসমাজৰ ওপৰত কি প্ৰভাৱ পৰিব, সেয়া সাৱধানে মূল্যায়ন কৰা প্ৰয়োজন বুলি তেওঁ কয়।
অৰুণাচল প্ৰদেশত বৃহৎ বান্ধ প্ৰকল্পক লৈ অসমৰ দীৰ্ঘদিনীয়া উদ্বেগৰ কথাও সাংসদগৰাকীয়ে সোঁৱৰণ কৰে। ২০১৪ চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে চুবুৰীয়া ৰাজ্যখনত বৃহৎ বান্ধ প্ৰকল্প হাতত লোৱাৰ আগতে অসমৰ সৈতে আনুষ্ঠানিক পৰামৰ্শ কৰাৰ আহ্বান জনাইছিল বুলি তেওঁ উল্লেখ কৰে। ২০১৫ চনত স্থানীয় জনসমাজৰ লাভালাভ স্পষ্ট নোহোৱালৈকে তৰুণ গগৈয়ে প্ৰস্তাৱিত মধ্য চিয়াং প্ৰকল্পক সমৰ্থন দিয়া নাছিল বুলিও পত্ৰখনত কোৱা হৈছে।
চীনৰ ইয়াৰলুং ছাংপো নদীত প্ৰস্তাৱিত বৃহৎ বান্ধৰ প্ৰতি কৌশলগত সঁহাৰি হিচাপে এই প্ৰকল্পক উপস্থাপন কৰা হৈছে যদিও অসমৰ নামনিৰ জনসমাজৰ স্বাৰ্থক সমান গুৰুত্ব দিব লাগিব বুলি গগৈয়ে কয়। বছৰজুৰি পানীৰ প্ৰবাহ বজাই ৰখা আৰু বান নিয়ন্ত্ৰণৰ লক্ষ্য নিশ্চিত ফলাফল বুলি ধৰি ল'ব নোৱাৰি বুলিও তেওঁ উল্লেখ কৰে। কিয়নো এই অঞ্চলত অতিবৃষ্টি, ভূমিস্খলন আৰু হিমবাহী হ্ৰদৰ পানী উফৰি সৃষ্টি হোৱা বানৰ আশংকা আছে।
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি গগৈয়ে আকস্মিকভাৱে পানী এৰি দিয়া, নদীপাৰৰ খহনীয়া, বান আৰু নামনিৰ জীৱিকাৰ ওপৰত পৰা প্ৰভাৱ সম্পৰ্কে থকা উদ্বেগৰ কথা তোলে। ২০২৫ চনৰ এক অধ্যয়নত নামনি অঞ্চলৰ জনসমাজে বান, মৎস্য উৎপাদন হ্ৰাস আৰু কৃষিজনিত ক্ষতিৰ আশংকা প্ৰকাশ কৰাৰ কথাও তেওঁ উল্লেখ কৰে। এনে অভিজ্ঞতাই স্বতন্ত্ৰ মূল্যায়ন, স্বচ্ছ নিৰীক্ষণ আৰু ক্ষতিগ্ৰস্ত জনসমাজৰ অৰ্থপূৰ্ণ অংশগ্ৰহণৰ প্ৰয়োজনীয়তা স্পষ্ট কৰে বুলি তেওঁ কয়।
গগৈয়ে ২০১৩ চনৰ চিয়াং উপ-অৱবাহিকাৰ সামগ্ৰিক প্ৰভাৱ আৰু বহনক্ষমতা বিষয়ক অধ্যয়নৰ কথাও উত্থাপন কৰে। এই অধ্যয়নত পূৰ্বে প্ৰস্তাৱিত চিয়াং প্ৰকল্পসমূহে পৰিৱেশ আৰু জীৱিকাৰ ওপৰত পেলাব পৰা প্ৰভাৱৰ লগতে অসমৰ কোবো চাপৰিৰ দৰে নদীদ্বীপত শীতকালত দৈনিক পানী এৰি দিয়াৰ পৰিণতিৰ কথা চিহ্নিত কৰা হৈছিল। বৰ্তমানৰ ৰূপত চিয়াং উচ্চ বহুমুখী প্ৰকল্পৰ মূল্যায়ন অধ্যয়নখনত নাছিল যদিও নামনিৰ সম্ভাৱ্য প্ৰভাৱৰ বিস্তৃত মূল্যায়নৰ প্ৰয়োজনীয়তা ই পুনৰ দৃঢ় কৰে বুলি তেওঁ জনায়।
পত্ৰখনত সাংসদগৰাকীয়ে প্ৰকল্প সন্দৰ্ভত অসম চৰকাৰৰ সৈতে আনুষ্ঠানিক পৰামৰ্শ কৰা হৈছে নে নাই, সেয়া স্পষ্ট কৰিবলৈ মন্ত্ৰালয়ক আহ্বান জনায়। লগতে প্ৰাসংগিক প্ৰকল্প মূল্যায়ন আৰু জলবিজ্ঞানভিত্তিক অধ্যয়ন ৰাজহুৱা কৰা, অসমক সামৰি স্বতন্ত্ৰ নামনি-প্ৰভাৱ মূল্যায়ন, ক্ষতিগ্ৰস্ত জনসমাজ আৰু বিশেষজ্ঞসকলৰ সৈতে পূৰ্ব পৰামৰ্শ, লগতে অসম-অৰুণাচল প্ৰদেশৰ মাজত বান নিৰীক্ষণ আৰু আগতীয়া সতৰ্কতা ব্যৱস্থা শক্তিশালী কৰিবলৈ বাস্তৱ সময়ৰ তথ্য বিনিময়ৰ দাবী জনায়। বান নিয়ন্ত্ৰণ, বান্ধৰ সুৰক্ষা আৰু নামনিৰ পৰিৱেশ সুৰক্ষাক প্ৰকল্প মূল্যায়নৰ কেন্দ্ৰবিন্দুত ৰাখিব লাগিব বুলিও তেওঁ উল্লেখ কৰে। অসমৰ সৈতে পূৰ্ব পৰামৰ্শ, নামনিৰ পৰিণতিৰ স্বতন্ত্ৰ মূল্যায়ন আৰু ক্ষতিগ্ৰস্ত জনসমাজক মত প্ৰকাশৰ সুযোগ নিদিয়াকৈ কোনো অপৰিৱৰ্তনীয় সিদ্ধান্ত নল'বলৈও তেওঁ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনায়।