মণিপুৰত চলি থকা জাতিগত হিংসা আৰু ব্যাপক আভ্যন্তৰীণ স্থানান্তৰণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত ২০২৭ৰ জনগণনাৰ কাম ৩০ এপ্ৰিল, ২০২৭লৈ স্থগিত ৰাখিছে মণিপুৰ উচ্চ ন্যায়ালয়ে।

ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু পঞ্জীয়ক প্ৰধান তথা জনগণনা আয়ুক্তক আবেদনকাৰীসকলৰ উত্থাপিত বিষয়সমূহ বিবেচনা কৰি উক্ত তাৰিখৰ ভিতৰত আদেশ দিবলৈ নিৰ্দেশ দিছে।

ক্ষতিগ্ৰস্ত আৰু পৰিত্যক্ত ঘৰ, বন্ধ পথ আৰু লোকসকলৰ আভ্যন্তৰীণ স্থানান্তৰণৰ ফলত জনসংখ্যা গণনাৰ শুদ্ধতাত প্ৰভাৱ পৰিব পাৰে বুলি আবেদনকাৰীসকলে আশংকা প্ৰকাশ কৰিছে। সংঘাত আৰু অনুপ্ৰৱেশৰ সৈতে জড়িত কথিত জনসংখ্যাগত পৰিৱৰ্তনক লৈও তেওঁলোকে উদ্বেগ ব্যক্ত কৰে।

আবেদনকাৰীসকলে বিশেষকৈ পাহাৰীয়া অঞ্চলসমূহত নতুনকৈ জনসংখ্যা গণনা চলোৱা, সমষ্টি পুনৰনিৰ্ধাৰণ আৰু জনগণনাৰ পূৰ্বে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ দাবী জনাইছে। হিংসাৰ পাছত অনুমোদনবিহীন গাঁও গঢ়ি উঠা আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলে ৰাজ্যখনত প্ৰৱেশ কৰি স্থানীয় মহিলাসকলক বিয়া কৰাৰ অভিযোগো তেওঁলোকৰ আবেদনত উত্থাপন কৰা হৈছে।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ৫ ছেপ্টেম্বৰৰ এক অধিসূচনাযোগে মণিপুৰত জনগণনাৰ ঘৰ-তালিকাভুক্তকৰণ পৰ্যায় স্থগিত ৰাখিছিল। এই পৰ্যায়ত ঘৰ আৰু পৰিয়ালৰ তথ্য লিপিবদ্ধ কৰা হয়। ৭ জানুৱাৰীৰ এক আদেশ সংশোধন কৰি মণিপুৰক পৰৱৰ্তী ঘোষণা নোহোৱালৈকে এই প্ৰক্ৰিয়াৰ পৰা বাদ দিয়া হৈছিল।

২০২৩ চনৰ ৩ মে'ৰ পৰা মেইতেই আৰু কুকি-জো জনগোষ্ঠীৰ মাজত মণিপুৰত জাতিগত হিংসা অব্যাহত আছে। মেইতেই জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়াৰ দাবিৰ বিৰোধিতাত উলিওৱা জনজাতীয় সংহতি সমদলৰ পাছতে সংঘৰ্ষ আৰম্ভ হৈছিল।

ছেপ্টেম্বৰত ৰাজ্য বিধানসভাত দাখিল কৰা তথ্য অনুসৰি, সংঘৰ্ষত কমেও ৩০৬জন লোক নিহত আৰু ৪৯জন এতিয়াও সন্ধানহীন। এপ্ৰিলত প্ৰকাশিত চৰকাৰী তথ্য অনুসৰি, ৫৮,০০০ৰো অধিক লোক আভ্যন্তৰীণ স্থানান্তৰণ, প্ৰায় ৭,৯০০খন ঘৰ ধ্বংস আৰু ২,৬০০ৰো অধিক ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। বহু পৰিয়ালে এতিয়াও অস্থায়ী আশ্ৰয়ৰ বাবে স্থাপন কৰা সাহায্য শিবিৰত বাস কৰি আছে।