ধেমাজি, ৭ নৱেম্বৰঃ অৰুণাচল প্ৰদেশত প্ৰস্তাৱিত ১১,২০০ মেগাৱাট শক্তিসম্পন্ন ছিয়াং আপাৰ বহুমুখী প্ৰকল্প (SUMP) বাতিলৰ দাবীত চলি থকা প্ৰতিবাদী পদযাত্ৰাই অসমত প্ৰৱেশ কৰিছে। ৬ নৱেম্বৰত প্ৰতিবাদকাৰীসকল ধেমাজি জিলাৰ জোনাইত উপস্থিত হয়। তাত বিভিন্ন সংগঠনে তেওঁলোকক আদৰণি জনোৱাৰ লগতে আন্দোলনটোৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে।

আদি গালো ৱেলফেয়াৰ ছ’চাইটিৰ নেতৃত্বত ৪ নৱেম্বৰত অৰুণাচল প্ৰদেশৰ আপাৰ ছিয়াং জিলাৰ গেকুৰ পৰা এই পদযাত্ৰা আৰম্ভ হৈছিল। অৰুণাচলৰ বিভিন্ন অঞ্চল অতিক্ৰম কৰি ৰুকচিন হৈ প্ৰতিবাদকাৰীসকল জোনাইত উপস্থিত হয়।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অসম জাতীয় পৰিষদ (AJP) আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেইবাটাও সংগঠনে প্ৰতিবাদকাৰীসকলক আদৰণি জনায়। অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে আন্দোলনটোৰ প্ৰতি সংহতি প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰ আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ প্ৰস্তাৱিত বৃহৎ নদীবান্ধৰ পৰিকল্পনাক সমালোচনা কৰে।

বসুমতাৰীয়ে কয় যে উন্নয়নৰ নামত ছিয়াং উপত্যকাৰ অস্তিত্ব ধ্বংস কৰাৰ কোনো প্ৰচেষ্টা সহ্য কৰা নহ’ব। তেওঁৰ মতে, এই প্ৰকল্পই অঞ্চলটোৰ প্ৰাকৃতিক পৰিৱেশ, জীৱিকা, সংস্কৃতি আৰু জীৱনশৈলীৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে।

চীনৰ মেডগ অঞ্চলত প্ৰস্তাৱিত ৬০,০০০ মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্পৰ প্ৰত্যুত্তৰ হিচাপে ছিয়াং উপত্যকাক বৃহৎ নদীবান্ধৰ বাবে লক্ষ্য কৰি লোৱা হৈছে নেকি বুলিও তেওঁ প্ৰশ্ন তোলে। প্ৰভাৱিত অঞ্চলৰ বাসিন্দাসকলৰ মতামত আৰু সন্মতিক গুৰুত্ব দিয়াৰ দাবী জনাই তেওঁ কৃষি, আন্তঃগাঁথনি আৰু বিকল্প খণ্ডৰ উন্নয়নৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় বিত্ত সম্পাদক জ্ঞান শৰ্মায়ো প্ৰকল্পটোৰ বিৰোধিতা কৰি আদি জনগোষ্ঠীৰ আন্দোলনৰ কাষত থকাৰ কথা প্ৰকাশ কৰে।

প্ৰতিবাদকাৰীসকলৰ দাবীৰ ভিতৰত আছে প্ৰস্তাৱিত ছিয়াং প্ৰকল্প বাতিল, আটকাধীন লোকসকলৰ মুক্তি, ৪৮জন যুৱকৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ, প্ৰভাৱিত গাঁৱৰ পৰা নিৰাপত্তাৰক্ষী বাহিনী আঁতৰোৱা, নিলম্বনৰ নিৰ্দেশ বাতিল আৰু চৰকাৰৰ সৈতে শান্তিপূৰ্ণ আলোচনাৰ ব্যৱস্থা কৰা।

আদি গালো ৱেলফেয়াৰ ছ’চাইটিৰ মুখপাত্ৰ খাৰ্গে বাসাৰো এই প্ৰতিবাদী পদযাত্ৰাৰ সৈতে জড়িত আছে। পদযাত্ৰাৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে নিজৰ দাবীসমূহ চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত উত্থাপন কৰিব বিচাৰিছে।