শ্বিলং, ৭ নৱেম্বৰঃ ২০২৫ চনত মেঘালয়ে ১৯০১ চনৰ পিছত সৰ্বাধিক উষ্ণ বছৰ অভিলেখ কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (IMD) এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। প্ৰতিবেদন অনুসৰি, ২০২৫ চনত ৰাজ্যখনৰ বাৰ্ষিক গড় উষ্ণতা আছিল ২০.৭৭ ডিগ্ৰী চেলছিয়াছ, যিটো ১৯৯১-২০২০ বৰ্ষৰ দীৰ্ঘম্যাদী গড়তকৈ ০.৯৬ ডিগ্ৰী অধিক।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ পুনেস্থিত জলবায়ু গৱেষণা আৰু সেৱা কাৰ্যালয়ে মেঘালয় চৰকাৰৰ সহযোগত প্ৰস্তুত কৰা ‘মেঘালয়ৰ জলবায়ু সম্পৰ্কীয় প্ৰতিবেদন, ২০২৫’ত এই তথ্য প্ৰকাশ কৰা হৈছে। ১৯০১ চনৰ পৰা উপলব্ধ জলবায়ুৰ তথ্যৰ ভিত্তিত উষ্ণতা, বৰষুণৰ ধৰণ আৰু চৰম বতৰজনিত ঘটনাৰ বিশ্লেষণ কৰা হৈছে।
প্ৰতিবেদন অনুসৰি, ২০২৫ চনত ৰাজ্যখনৰ ন্যূনতম উষ্ণতা ১৯০১ চনৰ পিছত সৰ্বাধিক আছিল। আনহাতে, সৰ্বোচ্চ উষ্ণতা আছিল অভিলেখৰ ভিতৰত তৃতীয় সৰ্বাধিক। মেঘালয়ৰ অভিলেখভুক্ত পাঁচটা উষ্ণতম বছৰ হৈছে ২০২৫, ২০২৩, ২০২৪, ২০২১ আৰু ২০২২।
১৯০১ৰ পৰা ২০২৫ চনলৈ ৰাজ্যখনৰ বাৰ্ষিক গড় উষ্ণতা প্ৰতি ১০০ বছৰত ০.৭৩ ডিগ্ৰী চেলছিয়াছকৈ বৃদ্ধি পাইছে। সৰ্বোচ্চ উষ্ণতা বৃদ্ধিৰ হাৰ প্ৰতি শতকত ০.৮৫ ডিগ্ৰী আৰু ন্যূনতম উষ্ণতাৰ ক্ষেত্ৰত এই হাৰ ০.৬২ ডিগ্ৰী।
আনহাতে, উষ্ণতাৰ অভিলেখৰ বিপৰীতে ২০২৫ চনত মেঘালয়ত বৰষুণৰ যথেষ্ট অভাৱ দেখা গৈছিল। ৰাজ্যখনে বাৰ্ষিক গড় বৰষুণৰ মাত্ৰ ৭৩ শতাংশ লাভ কৰে। দক্ষিণ-পশ্চিম মৌচুমী বতাহত স্বাভাৱিক বৰষুণৰ তুলনাত ৪৩ শতাংশ কম বৰষুণ হয়। ৰাজ্যখনৰ মুঠ বাৰ্ষিক বৰষুণৰ ৭১.৮ শতাংশ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ সময়তে হয়।
জুনৰ পৰা অক্টোবৰৰ ভিতৰত অধিকাংশ সময়তে স্বাভাৱিকতকৈ কম বৰষুণ হৈছিল। জুলাই মাহত বৰষুণৰ ঘাটি সৰ্বাধিক আছিল। অৱশ্যে প্ৰাক্-মৌচুমী কালত হোৱা অতিৰিক্ত বৰষুণে বাৰ্ষিক বৰষুণৰ সামগ্ৰিক ঘাটি কিছু পৰিমাণে হ্ৰাস কৰিছিল।
জিলাভিত্তিক বিশ্লেষণত দেখা গৈছে যে ২০২৫ চনত অধ্যয়ন কৰা ১১খন জিলাৰ ভিতৰত ছখন জিলাত বৰষুণৰ অভাৱ, তিনিখনত স্বাভাৱিক বৰষুণ, এখনত অত্যধিক বৰষুণ আৰু আন এখনত বৃহৎ পৰিমাণৰ বৰষুণৰ ঘাটি দেখা গৈছিল। দক্ষিণ-পশ্চিম খাছি পাহাৰ জিলাত স্বাভাৱিকতকৈ বহু বেছি বৰষুণ হোৱাৰ বিপৰীতে পশ্চিম জয়ন্তীয়া পাহাৰ জিলাত বৃহৎ বৰষুণৰ ঘাটি দেখা গৈছিল।
প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে সামগ্ৰিকভাৱে বৰষুণ কম হ’লেও চেৰাপুঞ্জী, মাউছিনৰাম আৰু শ্বিলঙৰ কেইবাটাও স্থানত প্ৰচুৰ বৰষুণ হৈছিল। কিছুমান স্থানত ২৪ ঘণ্টাত ২০৪.৫ মিলিমিটাৰতকৈ অধিক বৰষুণ হৈছিল, যিটো অতি প্ৰচণ্ড বৰষুণৰ শ্ৰেণীত পৰে। বছৰটোত বানপানী, বজ্ৰপাত, ধুমুহা আৰু শিলাবৃষ্টিৰ ঘটনাও নথিভুক্ত কৰা হৈছে।
বতৰ বিজ্ঞান বিভাগৰ মতে, এই মূল্যায়নে কৃষি, জল ব্যৱস্থাপনা, শক্তি, স্বাস্থ্য আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনাত বৈজ্ঞানিক ভিত্তি প্ৰদান কৰিব।