লাহৰীঘাট, ৯ নৱেম্বৰ: 'মৰিগাঁও-দৰঙৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ। 'মৰিগাঁও আৰু দৰং জিলাৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ পৰিকল্পনাক লৈ পুনৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। লাহৰীঘাটত আয়োজিত বিজয়ী উৎসৱত অংশগ্ৰহণ কৰি অঞ্চলটোৰ গুৰুত্ব বিবেচনা কৰি দলং নিৰ্মাণৰ ব্যৱস্থা কৰা হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে কয়, ‘এলেকাৰ গুৰুত্ব বুজি নিৰ্মাণ কৰা হ’ব দলং।’ এই দলং নিৰ্মাণ হ’লে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ মাজত যাতায়াত-যোগাযোগ ব্যৱস্থা অধিক সুচল হোৱাৰ লগতে মৰিগাঁও আৰু দৰং জিলাৰ জনসাধাৰণ উপকৃত হ’ব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰু দৰং জিলাৰ বুৰিগাঁও সংযোগী প্ৰস্তাৱিত দলংখনৰ দৈৰ্ঘ্য প্ৰায় ৭.৬৩ কিলোমিটাৰ। ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫-এৰ অংশ হিচাপে প্ৰস্তাৱিত দলংখনৰ নিৰ্মাণ ব্যয় প্ৰায় ৩,২৫১ কোটি টকা ধাৰ্য কৰা হৈছে।

ইয়াৰ পূৰ্বে ২০২৬ চনৰ জুলাই মাহত বিধানসভাত মুখ্যমন্ত্ৰীয়ে জনাইছিল যে প্ৰস্তাৱিত দলংখনৰ বিস্তৃত প্ৰকল্প প্ৰতিবেদন (DPR) কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ চূড়ান্ত অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে। ২৬ আগষ্টৰ এক প্ৰতিবেদনতো কেন্দ্ৰৰ অনুমোদনৰ অপেক্ষাত থকা বুলি উল্লেখ কৰা হৈছিল প্ৰকল্পটো।

এতিয়া লাহৰীঘাটৰ বিজয়ী উৎসৱত মুখ্যমন্ত্ৰীৰ পুনৰ আশ্বাসৰ পিছত প্ৰস্তাৱিত দলংখনৰ নিৰ্মাণকাৰ্য কেতিয়া আৰম্ভ হয়, সেয়া লক্ষণীয় হ’ব।