গহপুৰ, ৯ নৱেম্বৰ, ২০২৬:

প্ৰেমৰ প্ৰলোভনেৰে গহপুৰৰ এগৰাকী ছাত্ৰীক অপহৰণ বিহাৰৰ মুছলিম যুৱকৰ । ছাত্ৰীগৰাকীক অপহৰণ কৰাৰ অভিযোগত মহম্মদ বিশাল নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পিছত অভিযুক্ত যুৱকজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। প্ৰেমৰ প্ৰলোভনে দি গহপুৰৰ নাবালিকা ছাত্ৰীগৰাকীক মুছলিম যুৱক মহম্মদ বিশালে বিহাৰৰৈ লৈ যায় আৰু আৰক্ষীয়ে অনুসন্ধান কৰি বিহাৰৰ পৰা উদ্ধাৰ কৰে । ম'বাইল ফোনত থকা তথ্যৰ ভিত্তিতেই গহপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহম্মদ বিশালক ।

প্ৰাপ্ত তথ্য অনুসৰি, ইনষ্টাগ্ৰামৰ জৰিয়তে যুৱকজনৰ সৈতে চিনাকি হৈছিল ছাত্ৰীগৰাকী। যোৱা ৩ নৱেম্বৰত ছাত্ৰীগৰাকী নিৰুদ্দেশ হোৱাৰ খবৰ লাভ কৰাৰ পিছতে তদন্ত আৰম্ভ কৰে গহপুৰ আৰক্ষীয়ে।

তদন্তৰ সময়ত ছাত্ৰীগৰাকীয়ে ঘৰত এৰি থৈ যোৱা ম'বাইল ফোনটোৰ পৰা বিভিন্ন তথ্য সংগ্ৰহ কৰে আৰক্ষীয়ে। সেই তথ্যৰ ভিত্তিত আৰক্ষীয়ে বিহাৰত ছাত্ৰীগৰাকীৰ অৱস্থিতি বিচাৰি উলিয়ায়।

নিৰুদ্দেশৰ খবৰ লাভ কৰাৰ প্ৰায় ৪৮ ঘণ্টাৰ ভিতৰতে আৰক্ষীৰ এটা দলে বিহাৰৰ পৰা নাবালিকাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অভিযানৰ সময়তে মহম্মদ বিশালকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি ন্যায়িক প্ৰক্ৰিয়াৰ বাবে আদালতত হাজিৰ কৰায়। পৰৱৰ্তী সময়ত তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

ইফালে, নাবালিকাগৰাকীৰ সৈতে জড়িত ঘটনাৰ সম্পূৰ্ণ কাৰণ আৰু পৰিস্থিতি সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।