ধেমাজি, ৯ নৱেম্বৰ: মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ সময়সীমা ১০ নৱেম্বৰত অন্ত পৰিব। অন্তিম দিনৰ পূৰ্বে দেওবাৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কেইবাটাও পৰিষদীয় সমষ্টিৰ বাবে একাধিক প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই সমৰ্থকসহ ১৭ নং মিংমাং পৰিষদীয় সমষ্টিৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে।
ইয়াৰ সমান্তৰালভাৱে ১৫ নং পৰিষদীয় সমষ্টিৰ বাবে ৰাজু পেগু, ১৩ নং চিচিকলঘৰ পৰিষদীয় সমষ্টিৰ বাবে যুৱ নেতা কৃষ্ণকান্ত দলে আৰু ১৫ নং গোগামুখ পৰিষদীয় সমষ্টিৰ বাবে সমাজকৰ্মী তাৰানাথ পেগুৱেও মনোনয়ন দাখিল কৰে।
এইবাৰৰ নিৰ্বাচনত কোনো ৰাজনৈতিক দলৰ প্ৰতীক চিহ্ন নাথাকিব। নিৰ্বাচনত ৰাইজে উন্নয়নৰ পক্ষত নিজৰ মতামত প্ৰকাশ কৰিব বুলি প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই মন্তব্য কৰে।
অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি, দুয়োখন স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ৩০ নৱেম্বৰত অনুষ্ঠিত হ'ব। ১২ নৱেম্বৰত মনোনয়ন-পত্ৰ পৰীক্ষা কৰা হ'ব আৰু ১৬ নৱেম্বৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন।
ভোটগণনা ৩ ডিচেম্বৰত অনুষ্ঠিত হ'ব।