গহপুৰ: ইনষ্টাগ্ৰামৰ জৰিয়তে চিনাকি হোৱা ১৭ বছৰীয়া এগৰাকী নাবালিকা ছাত্ৰীক প্ৰেমৰ প্ৰলোভনেৰে অপহৰণ কৰি বিহাৰলৈ লৈ যোৱাৰ অভিযোগত আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। ধৃত যুৱকজন উত্তৰ প্ৰদেশৰ বিজনোৰ জিলাৰ মাণ্ডাৱালি থানাৰ অন্তৰ্গত ভগুৱালা অঞ্চলৰ ২৮ বছৰীয়া মহম্মদ বিশাল।
আৰক্ষীৰ তথ্য অনুসৰি, যোৱা ৩ নৱেম্বৰত গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱৰ ১৭ বছৰীয়া ছাত্ৰীগৰাকী নিৰুদ্দেশ হয়। পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত গহপুৰ আৰক্ষীক অৱগত কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।
ছাত্ৰীগৰাকীয়ে ঘৰত এৰি থৈ যোৱা মোবাইল ফোনৰ পৰা লাভ কৰা বিভিন্ন তথ্যৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলায়। তদন্তত বিহাৰৰ নৱাদা থানাৰ এলেকাত কিশোৰীগৰাকীৰ অৱস্থিতিৰ সন্ধান লাভ কৰে আৰক্ষীয়ে।
ইয়াৰ পিছতে গহপুৰ আৰক্ষীৰ এটা দল বিহাৰত উপস্থিত হয় আৰু নৱাদা আৰক্ষীৰ সহযোগত আইনী প্ৰক্ৰিয়া অনুসৰণ কৰি কিশোৰীগৰাকীক উদ্ধাৰ কৰে। অভিযানত মহম্মদ বিশালকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
উদ্ধাৰ হোৱা কিশোৰীগৰাকীক লৈ আৰক্ষীৰ দলটো কালি গহপুৰত উপস্থিত হয়। এই ঘটনাত গহপুৰ আৰক্ষী থানাত ১৭৫/২০২৬ নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় ন্যায় সংহিতাৰ ৮৭ ধাৰাত মহম্মদ বিশালক গ্ৰেপ্তাৰ কৰা হৈছে। পাছত তেওঁক আদালতত হাজিৰ কৰাই জে'ল হাজোতলৈ প্ৰেৰণ কৰা হয় বুলি আৰক্ষীয়ে জনাইছে।
ঘটনাটোক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ছ’চিয়েল মিডিয়াৰ জৰিয়তে অচিনাকি লোকৰ সৈতে নাবালক-নাবালিকাৰ যোগাযোগ আৰু তাৰ পৰা সৃষ্টি হ’ব পৰা বিপদক লৈ অভিভাৱকসকলৰ মাজত উদ্বেগ বৃদ্ধি পাইছে।