শ্বিলং, ৯ নৱেম্বৰ: উত্তৰ-পূব পৰিষদে অক্টোবৰ মাহত উত্তৰ-পূবৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ বাবে ৭৯.৫৩ কোটি টকা মুকলি কৰিছে। সংযোগ, গ্ৰাম্য আন্তঃগাঁথনি, কৃষি, উদ্যোগ বিকাশ, শিক্ষা আৰু সাংস্কৃতিক সংৰক্ষণৰ ক্ষেত্ৰত এই ধন ব্যয় হ'ব।
আঠখন উত্তৰ-পূব ৰাজ্যৰ ভিতৰত মেঘালয়ে সৰ্বাধিক ২৬.৫৬ কোটি টকা লাভ কৰিছে। ইয়াৰ মূল অংশ মেঘালয়ৰ ৪৬.০৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ চ'কপট-খাৰুকল পথৰ মেৰামতি আৰু শক্তিশালীকৰণ প্ৰকল্পৰ বাবে দিয়া হৈছে। এই পথটোৱে ৭৮খন গাঁও আৰু ১৫,০০০ৰো অধিক লোকক উপকৃত কৰিব বুলি আশা কৰা হৈছে। শ্বিলঙত বহুবিষয়ক প্ৰশিক্ষণ-সহ-সম্পদ কেন্দ্ৰ স্থাপনৰ বাবেও সহায় আগবঢ়োৱা হৈছে।
অসমে ১৪.৭৯ কোটি টকা লাভ কৰিছে। মঙলদৈ-মজিকুছি আৰু নাওবান্ধা-কাগৰাবাৰী হৈ বগামাটি-উমানন্দ সংযোগী গ্ৰাম্য পথ, ওদালগুৰিত আৰচিচি দলং, পাঠাৰচৰকুছিত ২০,০০০ লিটাৰ ক্ষমতাসম্পন্ন দুগ্ধ প্ৰক্ৰিয়াকৰণ প্ৰকল্প, লখিমপুৰৰ দেউৰী জনজাতীয় শিপিনীক সহায় আৰু হাইলাকান্দিৰ চিপাহী বিদ্ৰোহ স্মাৰকৰ বাবে এই পুঁজিৰ অংশ ধাৰ্য কৰা হৈছে।
অৰুণাচল প্ৰদেশে ১১.১৮ কোটি টকা লাভ কৰিছে। ক্ৰা দাডী জিলাৰ ৰিয়াগা-ছাংগো পথ, অনিনিত লেয়াকা গিৰিপথ হৈ ২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ আমুলি-আথুনি পথ আৰু কামকিত ডনিই প'ল' চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসৰ বাবে পুঁজি মুকলি কৰা হৈছে।
ছিকিমত জৈৱিক কৃষি আৰু পশু চিকিৎসা সেৱা শক্তিশালীকৰণৰ বাবে ১৫.৫১ কোটি টকা দিয়া হৈছে। পাকয়ং, ছ'ৰেং, মংগন আৰু গ্যালছিঙৰ জিলা পশু চিকিৎসালয়ক আধুনিক পলিক্লিনিকলৈ উন্নীতকৰণো ইয়াৰ অন্তৰ্ভুক্ত। নাগালেণ্ডে উদ্যোগ বিকাশ, বাণিজ্য সুবিধা, খনিজ সম্পদ মূল্যায়ন আৰু পথ সংযোগৰ বাবে ৭.৯৯ কোটি টকা লাভ কৰিছে।
ত্ৰিপুৰাত আগৰউড খণ্ডৰ বাণিজ্যিক মূল্য শৃংখল শক্তিশালীকৰণৰ লক্ষ্যৰে আগৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে ৩.৫০ কোটি টকা ধাৰ্য কৰা হৈছে। মণিপুৰ আৰু মিজোৰামত পথ, লেইমাখং নদীৰ ওপৰত দলং, চেনাপতিৰ বাৰাক হেৰিটেজ ফেষ্টিভেলৰ আন্তঃগাঁথনি, ইম্ফল পশ্চিমৰ অৰিয়েণ্টেল মহাবিদ্যালয়ৰ সুবিধা, ফুলপুইৰ গুড় প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ আৰু পশ্চিম ফাইলেঙৰ বজাৰৰ বাবে পুঁজি আগবঢ়োৱা হৈছে।
অক্টোবৰ মাহত অঞ্চলটোৰ কেইবাটাও প্ৰকল্প সম্পূৰ্ণ অথবা আনুষ্ঠানিকভাৱে সমাপ্ত কৰা হৈছে। অসমৰ যোৰহাটস্থিত ৰেইন ফৰেষ্ট ৰিছাৰ্চ ইনষ্টিটিউটত সম্প্ৰসাৰিত টিছ্যু কালচাৰ পৰীক্ষাগাৰ আৰম্ভ হোৱাৰ ফলত বাঁহৰ টিছ্যু কালচাৰ উৎপাদন ক্ষমতা ৩,০০০ৰ পৰা ৩০,০০০ পুলিলৈ বৃদ্ধি পাইছে। পশ্চিম কাৰ্বি আংলঙৰ ছ'চেং উন্নয়ন খণ্ডৰ সংহত উন্নয়ন, কাৰ্বি আংলঙৰ ৰংমংৱে খণ্ডত অত্যাৱশ্যকীয় সেৱা প্ৰদান আৰু উচ্চ প্ৰযুক্তিসম্পন্ন উদ্যান শস্যৰ নাৰ্ছাৰী উন্নয়নৰ কামো সম্পূৰ্ণ হৈছে।
অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াঙত বিআৰটিএফ পথৰ পৰা পিদিলৈ ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ কৌশলগত পথ ১৯.৫৫ কোটি টকা ব্যয়ত সম্পূৰ্ণ হৈছে। আইজলত অনুষ্ঠিত উত্তৰ-পূব বেংকাৰ্ছ কনক্লেভ ৩.০-ত বৃহৎ প্ৰকল্পৰ পুঁজি, ক্ষুদ্ৰ, সৰু আৰু মজলীয়া উদ্যোগ, কৃষক উৎপাদক সংগঠন আৰু মহিলা আত্মসহায়ক গোটৰ প্ৰতিষ্ঠানগত ঋণ লাভৰ সুযোগ বৃদ্ধিৰ বিষয়েও আলোচনা কৰা হয়।