গুৱাহাটী, ১০ নৱেম্বৰ: যোৰহাট জিলাৰ টীয়কৰ হাতীশাল অঞ্চলত বিশেষ অভিযান চলাই বন বিভাগে গঁড় চিকাৰীৰ সন্দেহত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।
তথ্যৰ ভিত্তিত বন বিভাগৰ এটা দলে সন্দেহজনক লোককেইজনক বাৰলুইত অৰণ্যলৈ অনুসৰণ কৰি অভিযান চলায়।
অভিযানৰ সময়ত এটা গঁড়ে আক্ৰমণ কৰাত লোককেইজনৰ এজন আহত হোৱা বুলি জানিব পৰা গৈছে।অভিযানত সহায়ৰ বাবে টীয়ক আৰু লাহদৈগড় আৰক্ষী থানাৰ দল ঘটনাস্থলীত উপস্থিত হৈছে।
বন বিভাগৰ বিষয়াসকলে জনোৱা অনুসৰি, গ্ৰেপ্তাৰ হোৱা লোককেইজন গহপুৰ, নাৰায়ণপুৰ আৰু জাজিমুখৰ বাসিন্দা। গ্ৰেপ্তাৰৰ সন্দৰ্ভত বন বিভাগে এতিয়ালৈকে অধিক তথ্য প্ৰকাশ কৰা নাই।