ঢকুৱাখনা: অহা ৩০ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪০টা সমষ্টিৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ঢকুৱাখনা মহকুমাত তৎপৰতা বৃদ্ধি পাইছে। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোত ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন সমষ্টিৰ প্ৰাৰ্থীয়ে বৃহৎ সমদল আৰু দলীয় কৰ্মী-সমৰ্থকৰ উপস্থিতিত মনোনয়ন পত্ৰ দাখিল কৰে।
অৱনৰী সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ডাঃ ভূপেন কামানে মনোনয়ন পত্ৰ দাখিল কৰে। তেওঁ বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি, দলটোৰ প্ৰাক্তন ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সমিতিৰ সদস্য তথা প্ৰবীণ সাংস্কৃতিক কৰ্মী।
একেটা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী মনালিছা কামান নৰহেও মনোনয়ন পত্ৰ দাখিল কৰে। তেওঁ লখিমপুৰ জিলা কংগ্ৰেছৰ সদস্যা।
বৰনৈ সমষ্টিৰ পৰা মিত্ৰশক্তিৰ প্ৰাৰ্থী তথা পৰিষদৰ তদানীন্তন অধ্যক্ষ সুনীল কুমাৰ পেগু আৰু খেৰকতা-ডাংধৰা সমষ্টিৰ প্ৰাৰ্থী ইন্দ্ৰ কুমাৰ চুংক্ৰাঙেও মনোনয়ন পত্ৰ দাখিল কৰে। সন্মিলিত গণশক্তি অসম দল আৰু মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়া-সমৰ্থকসকলৰ সৈতে দুয়োগৰাকী প্ৰাৰ্থীয়ে লখিমপুৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰ দাখিল কৰে।
খেৰকতা-ডাংধৰা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ সমৰ্থিত নীলকান্ত পেগুৱেও মনোনয়ন পত্ৰ দাখিল কৰে। টাকাম মিচিং পৰিন কৌবাঙৰ কেন্দ্ৰীয় নেতা তথা ঢকুৱাখনা জিলা ট্ৰাইবেল সংঘৰ মুৰব্বী যতীন পেগুৱেও এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈ মনোনয়ন পত্ৰ দাখিল কৰে। ফলত সমষ্টিটোত ত্ৰিমুখী অথবা বহুমুখী প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা দেখা গৈছে।
মিত্ৰশক্তিৰ সহযোগী সন্মিলিত গণশক্তি অসম আৰু বিজেপিয়ে পাৰস্পৰিক আসন বুজাবুজিৰে নিৰ্দিষ্ট সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে। অৱশ্যে এই আসন বুজাবুজিৰ পৰা অসম গণ পৰিষদক বাদ দিয়া হৈছে বুলি দলীয় মহলত চৰ্চা চলিছে। মিত্ৰদলৰ এই পদক্ষেপে অগপৰ কৰ্মীসকলক আশাহত কৰিছে বুলিও দলীয় বৃত্তত প্ৰকাশ পাইছে।